জয়পুৰত অনুষ্ঠিত ৪২সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপ-২০২৬ত সাঁতোৰত অসমৰ সাফল্য অব্যাহত আছে। ৬ আগষ্টৰ পৰা ৰাজস্থানৰ জয়পুৰস্থিত ছাৱাই মান সিং ষ্টেডিয়ামৰ ছুইমিং পুলত আৰম্ভ হোৱা প্ৰতিযোগিতাখনত অসমে ইতিমধ্যে দুটা সোণৰ পদক লাভ কৰিছে।
অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ কস্তুৰী গগৈয়ে ২০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ২ মিনিট ৪৭.৩২ ছেকেণ্ড সময় লৈ সোণৰ পদক অৰ্জন কৰে। এয়া কস্তুৰীৰ প্ৰতিযোগিতাখনত দ্বিতীয়টো সোণৰ পদক।
কস্তুৰীৰ এই সাফল্যত অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁক অভিনন্দন জ্ঞাপন কৰে। কস্তুৰীয়ে বৰ্তমান গুৱাহাটীৰ সৰুসজাই ছুইমিং পুলত অভিজ্ঞ প্ৰশিক্ষক বাবুল গুৰুংৰ অধীনত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
উল্লেখ্য যে ৪২সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপ-২০২৬ দেওবাৰে (৯ আগষ্ট) সামৰণি পৰিব।


