NORTHEAST NOW (Assamese)

ইতিবাচক বাৰ্তা! কোভিড মুক্ত হৈ থাকিবৰ বাবে টীয়কৰ এখন গাঁৱে দেখুৱাইছে আদৰ্শ

May 18, 2021 12:08 pm · নিৰ্মলেন্দু পাঠক
টীয়কৰ কাৱৈমাৰী গোহাই গাঁও। ফটো: নৰ্থইষ্ট নাও।

যি সময়ত কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা ভংগ কৰা এচাম লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে, তেনে সময়ত যোৰহাট জিলাৰ টীয়কৰ এখন গাঁৱৰ বাসিন্দাসকলে গাঁওখনক কোভিড মুক্ত কৰি ৰাখিবৰ গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাই সকলোৰে দৃষ্টি কাঢ়িছে।

টীয়ক নগৰৰ পৰা প্ৰায় ৬  কিলোমিটাৰ নিলগত অৱস্থিত এখন নৈপৰীয়া গাঁও কাৱৈমাৰী গোঁহাই গাঁও। প্ৰায় চাৰিশ ঘৰ মানুহে বসতি কৰা এই বৃহত্তৰ গাঁওখনে মানৱ জাতিৰ এই মহামাৰীৰ সময়ত একগোট হৈ এই কোভিডৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে তাৰ বাবেই আজিও কোভিড মুক্ত হৈ আছে এই গাওঁখন ৷

যি সময়ত এই গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে নতুন নতুন নীতি নিৰ্দেশনা আনিব লগা হৈছে ,মাস্ক পৰিধান নকৰিলে জৰিমনা ভৰিব লগা হৈছে সেই সময়ত এই ভিতৰুৱা গাঁৱখনৰ লোকসকলৰ সজাগতাই এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে।

উল্লেখযোগ্য যে গাঁওখনত মাস্ক পৰিধানৰ বাবে বিশেষ সজাগতা অনাৰ প্ৰয়াস কৰিছে গাঁওৰক্ষী বাহিনীয়ে আৰু বিভিন্ন ৰাজহুৱা স্থান, দোকান আদিত সজাগতামূলক পোষ্টাৰ লগোৱাৰ লগতে গাঁওখনৰ প্ৰতিঘৰৰ পদূলিত হাত ধুবৰ বাবে চাবোন, পানী ৰখা হৈছে যাতে ঘৰত প্ৰৱেশৰ সময়ত হাত ধুই প্ৰৱেশ কৰে।

গাঁওখনৰ যুৱচাম আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা আৰু কোভিড প্ৰ’টকল সম্পৰ্কে গাঁওবাসীক সজাগ কৰা দেখা গৈছে ৷

ইয়াৰ ফলতেই গাঁওখন কোভিডৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছে বুলি গাওঁবাসীয়ে মতপোষণ কৰিছে ৷ দেশৰ এই জটিল সময়ত নিজৰ সাৱধানতা আৰু সজাগতাৰেই যে এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিব পৰা যায় সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।

Related News