DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড পৰিস্থিতিত সাধাৰণ ৰাইজক সহায় কৰিবলৈ দলীয় নেতা-কৰ্মীক আহ্বান প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 12:37 pm
a44ee655-934a-4bf4-b481-4ab5f33cdba2-720x375

ফাইল ফটো: নৰ্থইষ্ট নাও।

226
VIEWS
Share on FacebookShare on Twitter

কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লগতে ৰাজ্যখনৰ সাধাৰণ ৰাইজক সহায় কৰিবলৈ দলীয় নেতা-কৰ্মীক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক আৰু সভাপতিয়ে।

সোমবাৰে প্ৰদেশ কংগ্রেছৰ নেতৃত্বত উজনি অসম আৰু উত্তৰ অসমৰ সমূহ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সকলৰ সৈতে ভিডিও কনফাৰেঞ্চ যোগে কোভিড পৰিস্থিতিৰ ওপৰত পৃথকে পৃথকে তিনিখনকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

এই পৰ্যালোচনাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি সকল আৰু সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ কংগ্রেছ প্ৰাৰ্থী সকলে ভাগ লয়।

বৈঠক সমূহত সাম্প্ৰতিক সময় খিনিত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কোভিড বিধি সম্পূৰ্ণৰূপে মানি ভয়াৱহ কোভিড পৰিস্থিতিৰ লগত মুখামুখি হোৱাৰ লগতে সমষ্টি সমূহৰ ভুক্তভোগী ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ কংগ্রেছ নেতা কর্মী সকলে ল’বলগীয়া জিলা ভিত্তিক আৰু সমষ্টি ভিত্তিক দলীয় কাৰ্যপন্থাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।

এই একেইটা বিষয়ৰ ওপৰত প্ৰদেশ কংগ্রেছৰ নেতৃত্বত অহা ১৯ মে’লৈ পৰ্যায়ক্ৰমে বিধানসভা সমষ্টি সমূহৰ কংগ্রেছ প্ৰাৰ্থী সকলৰ সৈতে এই পৰ্যালোচনা বৈঠক সমূহ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কোভিডত আক্ৰান্ত লোকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও সম্প্ৰতি ৰাজ্যখনৰ বেছিভাগ জনতাই এতিয়ালৈকে কোভিড প্ৰতিষেধক ছিটাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি অনলাইন যোগে পঞ্জীয়ন কৰাত অসুবিধা ভূগি আছে।

যিসকলে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, তেওঁলোকে কোভিড প্ৰতিষেধক ছিটা লোৱাৰ বাবে নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

এই সমগ্ৰ বিষয়ৰ ওপৰত সাধাৰণ ৰাইজক সহায়-সহযোগ কৰাৰ বাবে কংগ্রেছ নেতা-কর্মী সকলক আহ্বান জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd