বিশ্ব পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই

Kaziranga open for tourist final

আজি বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশ দ্বাৰত পুৱা আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰৱেশ দ্বাৰৰ ফিটা কাটি ২০২১-২২পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ মিহিমুখলৈ অহা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সভাস্থলীলৈ গায়ন বায়নেৰে আদৰি অনা হয় ৷

অনুষ্ঠানত বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, বন বিভাগৰ মুখ্য বন বল অমৃত সাহাই আৰু মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ , গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়নও উপস্থিত থাকে ৷

মিহিমুখৰ প্ৰৱেশ দ্বাৰত ফিটা কাটি দ্বাৰ উন্মোচন কৰি কৃষি মন্ত্ৰী অতুল বৰা আৰু উপস্থিত অতিথিৰে জীপচিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই ৷

উদ্যান দৰ্শনৰ পিচত বন মন্ত্ৰী গৰাকীয়ে অতিথি সকলৰ সৈতে বন বিভাগৰ হাতীক খাদ্য প্ৰদান কৰে ৷

বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া ভাষণ প্ৰসংগত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বহি:ৰাজ্যৰ পৰা অহা পাঁচ গৰাকী পৰ্যটকক ফুলাম গামোছাৰে কাজিৰঙালৈ আদৰণি জনায় ৷

আজি কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলৰ পৰ্যটনৰ আংশিক পথহে পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বা বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে বাকী বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰিব ৷

সদ্যহতে পৰ্যটকৰ বাবে জীপ চাফাৰীহে মুকলি কৰা হৈছে বুলি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ কাজিৰঙাৰ কহঁৰাৰ পিছতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলো মুকলি কৰে বনমন্ত্ৰীয়ে ৷