• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত মহিলাৰ প্ৰকৃত সবলীকৰণৰ বাবে কেজৰিৱালৰ মহিলা সন্মান যোজনাক অনুকৰণ কৰক হিমন্ত বিশ্ব শৰ্মাই : আপ,অসম

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 5, 2024 8:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ সম্পৰ্কে আজি এখন সংবাদমেল সম্বোধন ধৰে আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে।

গণেশগুৰিস্থিত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত আহ্বান জনোৱা এই সংবাদমেলখনত উপস্থিত থাকি পুনম গগৈয়ে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ চৰকাৰে সদ্যহতে ঘোষণা কৰা “মহিলা সন্মান যোজনা” আৰু অসম চৰকাৰে চলাই থকা “অৰুণোদই আঁচনি”ৰ মাজত এক তুলনামূলক বিশ্লেষণ আগবঢ়ায়।

Apply Now

ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে দিল্লী চৰকাৰে প্ৰায় ৬০ লাখ মহিলা অৰ্থাত দিল্লীৰ ৯০% মহিলাকে এই আঁচনিখনৰ যোগেদি সামৰি লৈছে। কিন্তু তাৰ বিপৰীতে এতিয়ালৈকে অসমত প্ৰচলিত অৰুণোদই আঁচনিৰ যোগেদি মাত্ৰ ১৯ লাখ মহিলাকহে সামৰি লোৱা হৈছে আৰু পৰৱৰ্তী সময়ত ২৭ লাখ মহিলাক সামৰি ল’ব।

অসমৰ দৰে এখন অনগ্ৰসৰ ৰাজ্যত মাত্ৰ ১৯ লাখ মহিলাকহে সামৰি লোৱাতো এটা অতি দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰে মুখপাত্ৰ পুনম গগৈয়ে। সেইদৰে আশা কৰ্মীসকলৰ সম্পৰ্কে উল্লেখ কৰি ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসমত এগৰাকী আশা কৰ্মীয়ে মাহত মাত্ৰ ৩০০০ টকাহে লাভ কৰাৰ বিপৰীতে দিল্লী চৰকাৰে এগৰাকী আশা কৰ্মীক ৬০০০ৰ পৰা ১১,০০০ টকালৈকে মাহিলী বেতন আগবঢ়ায়।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ পুনম গগৈয়ে উল্লেখ কৰে যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। এই অৱস্থাটোক সমাধান কৰি অসমক মহিলাৰ বাবে সুৰক্ষিত কৰিবলৈ ঠায়ে-ঠায়ে দিল্লী চৰকাৰৰ আৰ্হিৰে চি.চি টিভি স্থাপন কৰিব লাগে বুলি মন্তব্য কৰে ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে।

সেইদৰে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ পুনম গগৈয়ে উল্লেখ কৰে যে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰতো দিল্লীৰ তুলনাত অসম একেবাৰে পিছপৰি আছে। দিল্লীৰ মডেল বিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহত চৰকাৰে মহিলাৰ দক্ষতা বিকাশ, সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু সহঃপাঠ্যক্ৰমিক কাৰ্যকলাপৰ বিকাশ কৰি আছে আৰু বহুখিনি সফলতা লাভ কৰিছে। তাৰ বিপৰীতে অসম চৰকাৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ দুৰ্বল আন্তঃগাঁথনি, কম শিক্ষক আৰু শিক্ষকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান নকৰাকৈয়ে চলাই আছে।

সংবাদমেলখনৰ সামৰণিত আপ, অসমৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে অসম চৰকাৰক আহ্বান জনায় যে অসমৰ মহিলাসকলক অৰ্থনৈতিক, শৈক্ষিক আৰু সামাজিকভাৱে আগবঢ়াই নিবলৈ দিল্লী চৰকাৰৰ নীতিসমূহক অনুসৰণ কৰাটো উচিত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd