• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিতৰ্কৰ বাবে আদানি গ্ৰুপৰ সৈতে চুক্তি বাতিল কেনিয়াৰ; বাংলাদেশেও বৃদ্ধি কৰিব পাৰে চাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2024 12:51 pm
আদানিৰ সৈতে হোৱা ডাঙৰ চুক্তি বাতিল কৰিলে কেনিয়া চৰকাৰে।

আদানিৰ সৈতে হোৱা ডাঙৰ চুক্তি বাতিল কৰিলে কেনিয়া চৰকাৰে।

89
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে দেশ-বিদেশত আদানি গোষ্ঠী চাপত পৰিছে। ইতিমধ্যে গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈছে দেশৰ বিৰোধী শিবিৰ। তাৰমাজতে ইতিমধ্যে বিদেশৰ পৰা চুক্তি বাতিলৰ পৰ্ব আৰম্ভ হৈছে। আমেৰিকাত হোৱা বিতৰ্কৰ বাবে কেনিয়াই আদানিৰ কোম্পানীৰে বিদ্যুৎ চুক্তি বাতিল কৰে। জনা গৈছে যে বাংলাদেশ চৰকাৰেও বিদ্যুতৰ চুক্তি সন্দৰ্ভত আদানি গ্ৰুপৰ সৈতে নতুন আলোচনাৰ দাবী কৰিব পাৰে।

বৃহস্পতিবাৰে আমেৰিকাৰ আদালতে গৌতম আদানিৰ বিৰুদ্ধে এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ আৱন্টন লাভৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২৬৫ মিলিয়ন মাৰ্কিন ডলাৰ উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল। ভাৰতীয় মুদ্ৰাত যিটো ২২০০ কোটি টকাতকৈও অধিক।

প্ৰকল্পটোৰ আৱন্টন লাভৰ বাবে উদ্বাউল হৈ আদানী গোষ্ঠীটোৱে ভাৰত চৰকাৰৰ বিষয়াসকলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল। গৌতম আদানিৰ লগতে তেওঁৰ ভতিজাক সাগৰো এই গোচৰত অভিযুক্ত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম আৰু সাগৰ দুয়োৰে বিৰুদ্ধে আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

এই অভিযোগ পোহৰলৈ অহাৰ পিছতে শনিবাৰে আদানি গোষ্ঠী শ্বেয়াৰ বজাৰত ডাঙৰ আঘাতৰ সন্মুখীন হয়। এটা এটাকৈ শ্বেয়াৰৰ দাম কমিবলৈ ধৰে। আদানি গ্ৰীণ এনাৰ্জীয়ে জনোৱা মতে, আমেৰিকাত তেওঁলোকে মুকলি কৰিবলগীয়া ৬০ কোটি ডলাৰৰ বণ্ডটো আপাততঃ স্থগিত ৰখা হৈছে।

এইবাৰ কেনিয়া চৰকাৰে আদানিৰ সৈতে হোৱা ডাঙৰ চুক্তি বাতিল কৰিলে। জোমো কেনিয়াট্টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উন্নীতকৃত যাত্ৰী টাৰ্মিনেল নিৰ্মাণ, ৰাণৱেৰ ৰক্ষণাবেক্ষণ আৰু অহা ৩০ বছৰলৈ বিমানবন্দৰটো পৰিচালনাৰ বাবে আদানি গ্ৰুপৰ সৈতে চুক্তিবদ্ধ হৈছিল। আমেৰিকাৰ আদালতৰ নিৰ্দেশৰ কথা জানিব পাৰি কেনিয়াই আদানি গ্ৰুপৰ সৈতে হোৱা বিশাল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বিদ্যুৎ যোগান লাইন নিৰ্মাণৰ বাবে আদানি গ্ৰুপৰ সৈতে প্ৰস্তাৱিত চুক্তি বাতিল কৰা হৈছে বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে। দৰাচলতে এই চুক্তিক লৈ কেনিয়াত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ হৈছিল। বহু কেনিয়াবাসীয়েও আপত্তি কৰিছিল। আদানি অলপ সংকটত পৰাৰ সময়তে সুবিধা বুজি কেনিয়াই চুক্তি বাতিল কৰিলে।

কেনিয়াৰ চুক্তি বাতিল কৰাৰ পিছত এতিয়া বাংলাদেশৰ ওপৰত দৃষ্টি ৰৈছে। বাংলাদেশৰ বিশেষজ্ঞসকলৰ মতে আমেৰিকাত বিতৰ্কৰ পিছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰেও আদানি গোষ্ঠীৰ সৈতে হোৱা চুক্তি পুনৰ বিবেচনা কৰিব পাৰে। দেশখনৰ এজন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞই দাবী কৰিছে, “আদানিৰ হাছিনা চৰকাৰৰ সৈতে হোৱা চুক্তিক লৈ আৰম্ভণিৰে পৰাই প্ৰশ্ন উত্থাপন হৈছিল।” ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন চৰকাৰে চুক্তিখনৰ পুনৰ আলোচনাৰ বাবে বিচাৰিছিল। এইবাৰ সম্ভৱতঃ বাংলাদেশে দৰদামৰ ক্ষেত্ৰত চাপ বৃদ্ধি কৰিব।”

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd