কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে কেৰালাৰ চিপিআইএম নেতৃত্বাধীন চৰকাৰখনে এইবাৰ বিধানসভাত গৃহীত কৰিলে এক প্ৰস্তাৱ।
বৃহস্পতিবাৰে কেৰালা বিধানসভাৰ এখন বিশেষ অধিৱেশন আহ্বান কৰা হয়। তাত বতক্তৱ্য ৰাখি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয় যে কৃষি আইনৰ বিৰুদ্ধে গোটেই দেশজুৰি যি প্ৰতিবাদ হৈছে তাৰ প্ৰভাৱ অহা দিনত কেৰালাৰ ওপৰতো পৰিব।
এনে প্ৰতিবাদৰ ফলত আগন্তুক দিনত আন ৰাজ্যৰ পৰা কেৰালালৈ খাদ্য সামগ্ৰীৰ আমদানি বন্ধ হৈ গ’লে ৰাজ্যখনত তীব্ৰ খাদ্য সংকট দেখা দিব পাৰে বুলিও আশংকা ব্যক্ত কৰে মুখ্যমন্ত্ৰী বিজয়নে।
ইপিনে, এই বিশেষ অধিবেশন আহ্বানৰ ক্ষেত্ৰত প্ৰথমতে ৰাজ্যপাল আৰিফ মহম্মদ খানে অনুমতি দিবলৈ সন্মত হোৱা নাছিল। যোৱা ২৩ ডিচেম্বৰত চৰকাৰী পক্ষই এই বিশেষ অধিবৱেশন আহ্বানৰ অনুমতি বিচাৰি ৰাজ্যপালৰ ওচৰলৈ গৈছিল।
বিষয়টোক লৈ ৰাজ্যপাল আৰু চৰকাৰৰ মাজত এক সংঘাতৰ সূত্ৰপাত হয়।
কিন্তু চৰকাৰে পুনৰ বিশেষ অধিৱেশনৰ আৰ্জি জনাই ৰাজ্যপালক চিঠি দিয়াৰ পাছত অৱশেষত ৰাজ্যপালে অনুমতি প্ৰদান কৰে।
বৃহস্পতিবাৰে পুৱা এঘন্টাৰ বাবে এই বিশেষ অধিৱেশন আৰম্ভ হয়।
মুখ্যমন্ত্ৰী বিজয়নে কয় যে কেৰালাই খাদ্য সামগ্ৰীৰ বাবে বেছিভাগ সময় বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে, দেশৰ আন ৰাজ্যৰ কৃষকসকলে যি সমস্যাৰ সন্মুখীন হৈছে তাৰ প্ৰভাৱ এই ৰাজ্যৰ ওপৰতো পৰিবই।
ৰাজধানী দিল্লীৰ সীমান্তত কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে চলাই থকা ধাৰাবাহিক প্ৰতিবাদৰ মাজতে আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা আলোচনা ব্যৰ্থ হোৱাৰ সময়তে কেৰালাই বিধানসভাত গ্ৰহণ কৰা এই প্ৰস্তাৱ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।