NORTHEAST NOW (Assamese)

কেতিয়া ঘূৰি আহিব গৰাকী? মালিকৰ অপেক্ষত ১২০ দিনে মৰ্গৰ বাহিৰত এটা পোহনীয়া কুকুৰ

November 5, 2023 5:24 pm · এন ই নাও নিউজ, গুৱাহাটী

আপোনাৰ চকুলৈ চকুপানী আনিব এটা কুকুৰে। যি সময়ত চূড়ান্তভাবে সমাজত ভূ-লুন্ঠিত হৈছে মৰম চেনেহ আৰু মানৱীয়তা, সেই সময়ত এটা কুকুৰে দেখুৱাইছে মৰম-চেনেহৰ অন্য এক নিদৰ্শন।

এইবাৰ কেৰেলাৰ কান্নুৰ জিলাৰ এটা কুকুৰে আকৌ এবাৰ প্ৰমাণ কৰিলে যে জীৱ-জন্তুৰ প্ৰেম সদায় যুগমীয়া, মানুহতকৈ বিশ্বাসী আৰু গভীৰ জীৱ-জন্তুৰ প্ৰেম। 

কান্নুৰ জিলা চিকিৎসালয়ৰ মৰ্গৰ সন্মুখত ১২০ দিনে নিজৰ গৰাকীৰ বাবে অপেক্ষা কৰি আছে এটা কুকুৰে। 

আচলতে কুকুৰটোৱে গম পোৱা নাছিল যে তাৰ মালিকৰ মৃত্যু হৈছে। গতিকে, যোৱা চাৰিমাহ ধৰি সি মৰ্গৰ দুৱাৰমুখত মৃত মালিকৰ বাবে অপেক্ষা কৰি আছে।

চিকিৎসালয়ৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে, চাৰি মাহৰ আগতে কুকুৰটো এজন ৰোগীৰ লগত চিকিৎসালয়খনলৈ আহিছিল। কিছুদিন পিছত ৰোগীজনৰ মৃত্যু হয়। কুকুৰটোৱে চিকিৎসালয়ৰ সন্মুখৰ দুৱাৰেদি নিজৰ মালিকক চিকিৎসালয়ৰ মৰ্গলৈ লৈ যোৱা দেখিলে। 

কিন্তু মৰ্গৰ আন এখন দুৱাৰেদি পিছত ব্যক্তিজনৰ মৃতদেহ উলিয়াই নিয়া হয়। কিন্তু কুকুৰটোৱে গম পোৱা নাছিল যে তেওঁৰ মালিকক আন দুৱাৰেদি উলিয়াই নিয়া হৈছিল। 

কুকুৰটোৱে ভাবে যে তাৰ মালিক এতিয়াও তাতে আছে। যি দুৱাৰেদি তেওঁক মৰ্গত ভৰ্তি কৰা হৈছিল, সেই দুৱাৰেদি তেওঁ আকৌ ওলাই আহিব। 

গতিকে, কুকুৰটোৱে যোৱা চাৰি মাহে মৰ্গৰ দুৱাৰতে অপেক্ষা কৰি আছে নিজৰ গৰাকীৰ বাবে।

Related News