এইবাৰ বিজেপি নেত্ৰীয়ে কামুৰি ছিঙিলে নিজৰেই ভগ্নীৰ নাক।
কাছাৰ জিলাত ভূমি সম্পৰ্কীয় বিবাদক লৈ দুই ভগ্নীৰ মাজত হোৱা কাজিয়াৰ ফলত এই ঘটনা সংঘটিত হৈছে।
বিজেপিৰ শিলচৰ শাখাৰ মহিলা মৰ্চাৰ টিংকু নামৰ এগৰাকী সম্পাদিকাই মাটি সম্পৰ্কীয় বিবাদত কামুৰি ছিঙি পেলায় নিজৰ জ্যেষ্ঠ ভগ্নীৰ নাক।
সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৰিংকু নাথ নামৰ ভুক্তভোগী মহিলাগৰাকী।
উক্ত বিজেপি বিজেপি নেত্ৰীগৰাকীৰ্ৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছিল যদিও অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।
জানিব পৰা মতে, পূৰ্বপূৰুষৰ সম্পত্তি ভাগ-বতৰাক লৈ দুই ভগ্নীৰ মাজত দীৰ্ঘদিনৰ পৰা কাজিয়াৰ সৃষ্টি হৈ আছিল। ইয়াৰ পৰিণতিস্বৰূপে শুকুৰবাৰে সন্ধিয়া বিজেপি নেত্ৰীগৰাকীয়ে স্বামী আৰু এদল লোকৰ সৈতে তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰিংকু নাথৰ ঘৰলৈ গৈ আক্ৰমণ কৰে।
ঘটনাৰ পিছতে বিজেপি মহিলা মৰ্চাৰ নেত্ৰীগৰাকীয়ে স্বামী আৰু দলৰ সৈতে পলায়ন কৰে।