হিন্দু নোহোৱাৰ বাবেই অনুষ্ঠান বাতিল: মন্দিৰ কৰ্তৃপক্ষক সমাধানৰ পথ উলিয়াবলৈ নিৰ্দেশ কেৰালা চৰকাৰৰ

Kerala temple bars artist over religion

কেৰালাৰ কুদালমানিক্যম মন্দিৰ কৰ্তৃপক্ষই হিন্দু ধৰ্মীয় নোহোৱাৰ বাবেই প্ৰখ্যাত ভাৰত নাট্যম শিল্পী মানচিয়াৰ এক অনুষ্ঠান বাতিল কৰাৰ পাছত শিল্পী গৰাকীৰ সমৰ্থনত অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে আন কেইবাগৰাকীও শিল্পীয়ে। ইয়াৰ পাছতেই এই বিষয়ত হস্তক্ষেপ কৰিছে কেৰালা চৰকাৰে।

কেৰালাৰ মন্ত্ৰী কে ৰাধাকৃষ্ণনে ঘটনা সন্দৰ্ভত কুদালমানিক্যম মন্দিৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি নৃত্য উৎসৱ সম্পৰ্কীয় সকলো সমস্যাৰ সম্ভাৱ্য সমাধান বিচাৰি বৈদিক মুৰব্বীৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে মন্দিৰ কৰ্তৃপক্ষক ১৫ ৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত ভাৰতনাট্যম নৃত্যশিল্পী মানচিয়া ভিপিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুমতি দিয়াৰ উপায় সোনকালে বিচাৰি উলিয়াবলৈ আহ্বান জনায়।

উল্লেখ্য যে মন্দিৰ কৰ্তৃপক্ষই প্ৰথমে অনুষ্ঠানত মানচিয়াৰ অংশগ্ৰহণ নিশ্চিত কৰিছিল যদিও পিছত শিল্পীগৰাকীয়ে ধৰ্মীয় পৰিচয় দিবলৈ অস্বীকাৰ কৰাৰ বাবে কৰ্তৃপক্ষই অনুষ্ঠান বাতিল কৰিছিল।

মন্দিৰৰ পৰম্পৰা আৰু ৰীতি-নীতিয়ে এগৰাকী অ-হিন্দু নৃত্যশিল্পীৰ অংশগ্ৰহণৰ অনুমতি নিদিয়ে বুলি মন্দিৰ কৰ্তৃপক্ষই যুক্তি দিছিল।

ঘটনা সন্দৰ্ভত কেৰালাৰ মন্ত্ৰী কে ৰাধাকৃষ্ণণে কয়, “মানচিয়াক মন্দিৰৰ মঞ্চত প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া উচিত। এয়া জনসাধাৰণৰ ইচ্ছা। আনকি হিন্দু সংগঠন আৰু বিজেপি নেতাসকলেও তেওঁৰ প্ৰতি সমৰ্থনত আগবঢ়াইছে।”

“যদি ধৰ্মই সিদ্ধান্ত লয় যে কেৱল তেওঁলোকৰ সম্প্ৰদায়ৰ সদস্যসকলকহে মন্দিৰ, গীৰ্জা আৰু মছজিদত প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া উচিত, তেন্তে শিল্পীসকলে কি কৰিব? কলাৰ কোনো ধৰ্ম থাকিব নালাগে।” ৰাধাকৃষ্ণনে কয়।