প্ৰশ্নৰ মুখত ভাৰতীয় ৰে’লৱে! ঘুমন্ত যাত্ৰীৰ ওপৰত খহি পৰিল ওপৰৰ বাৰ্থ, মৰ্মান্তিক মৃত্যু

ফটোঃ সংগ্ৰহীত।

চলন্ত ৰে’লৰ বাৰ্থ ভাঙি মৃত্যু ঘটিল যাত্ৰীৰ! ভাৰতীয় ৰে’লৱেৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। এই ভয়ংকৰ ঘটনা কেনেকৈ সংঘটিত হ’ল?

শুই থাকোঁতে হঠাৎ ৰে’লৰ বাৰ্থ ভাঙি পৰিল। যাৰ বাবে এজন ৬২ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়। এৰ্নাকুলাম হজৰত নিজামুদ্দিন মিলেনিয়াম ছুপাৰ ফাৰ্ষ্ট এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা।

কেৰালাৰ পৰা নতুন দিল্লীলৈ গৈ আছিল আলী খান নামৰ এজন ৬২ বছৰীয়া ব্যক্তি। তেওঁ তলৰ চিটত শুই আছিল। কিন্তু তেতিয়াই ব্যক্তিগৰাকীৰ লগত ঘটিল এটা ভয়ংকৰ ঘটনা।

লগতে পঢ়কঃ ২০১৩ চনৰ হত্যাকাণ্ডৰ গোচৰত ৬জন অসম আৰক্ষী জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

মূৰৰ ওপৰত ভাঙি পৰে ওপৰৰ বাৰ্থটো। ওপৰৰ বাৰ্থতো শুই আছিল আন এজন যাত্ৰীও। যাত্ৰীজনৰ লগতে বাৰ্থৰ ওজনৰ বাবে ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁক হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু জানিব পৰা মতে, অস্ত্ৰোপচাৰৰ পিছতেই ব্যক্তিগৰাকীৰ মৃত্যু হয়।

ইয়াৰ পিছতে ৰে’লৱেই এক বিবৃতি প্ৰকাশ কৰে। য’ত উল্লেখ কৰা হৈছে- “সেই ৰে’লখনৰ বাৰ্থৰ কোনো সমস্যা নাছিল। নিয়মীয়াকৈ ৰে’লৰ বাৰ্থ পৰিদৰ্শন কৰি চোৱা হয় ৰে’ল বিভাগৰ পৰা। ওপৰৰ বাৰ্থৰ যাত্ৰীজনে শিকলিৰে আসনখন ঠিক কৰি বান্ধি লোৱা নাছিল। যাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছিল।”