NORTHEAST NOW (Assamese)

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

February 9, 2023 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

স্বাধীনতা আৰু সমতাৰ দিশলৈ আৰু এক সাহসৰ খোজ আগবঢ়ালে কেৰালাৰ এহাল ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে। দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে জন্ম দিলে সন্তান।

উল্লেখ্য যে কিছুদিন পূৰ্বে দেশত এহাল ট্ৰেন্সজেণ্ডাৰ দম্পতীয়ে প্ৰথমবাৰৰ গৰ্ভধাৰণ কৰিছে বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল। ইনষ্টাগ্ৰামৰ জৰিয়তে গৰ্ভধাৰণৰ ফ’ট শ্বেয়াৰ কৰি তেওঁলোকে নিজেই প্ৰকাশ কৰিছিল এই কথা।

জানিব পৰা মতে, এই ট্ৰেন্সজেণ্ডাৰ দম্পতীহালৰ ঘৰ কেৰালাৰ কোজিকোডত। তেওঁলোক হৈছে জিয়া আৰু জাহাদ। জীয়া হৈছে ট্ৰান্স ওমেন অৰ্থাৎ জীয়া শাৰীৰিকভাবে পুৰুষ হিচাপে জন্ম হৈ পিছত নিজে নাৰীলৈ ৰূপান্তৰিত হৈছে।

আনহাতে জাহাদ হৈছে ট্ৰান্স মেন অৰ্থাৎ জাহাদে নাৰীৰ শৰীৰত জন্মগ্ৰহণ কৰি নিজকে পুৰুষ শৰীৰলৈ পৰিণত কৰিছে। যোৱা তিন বছৰ ধৰি একেলগে আছে এই দুই প্ৰেমিক-প্ৰেমিকা।

 

 

View this post on Instagram

 

A post shared by Ziya Paval (@paval19)

উল্লেখ্য যে কিছুদিন পূৰ্বে জিয়াই ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে অহা মাৰ্চ মাহৰ প্ৰথম সন্তানটি সন্তানটি ভূমিস্থ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল যদিও যোৱা বুধবাৰেই অৰ্থাৎ ফেব্ৰুৱাৰী মাহতেই সন্তানটিয়ে জন্ম লাভ কৰে।

বুধবাৰে দিনৰ ৯.৩০ মান বজাত কেৰেলাৰ এখন চৰকাৰী চিকিৎসালয়ত জন্ম লাভ কৰে সন্তানটিয়ে। দেশত প্ৰথবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰৰ গৰ্ভত গৰ্ভস্থ হোৱা এই সন্তানটিৰ লিংগ পুৰুষ, মহিলা নে অন্যান্য সেই সম্পৰ্কে তথ্য দিবলৈ অস্বীকাৰ কৰিছে জিয়া আৰু জাহাদে।

 

 

View this post on Instagram

 

A post shared by Ziya Paval (@paval19)

যি কি নহওক দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰে গৰ্ভধাৰণ কৰি সন্তান দিয়াটোৱে ভাৰতবৰ্ষত LGBTQAI++ ৰ স্বাধীনতা আৰু অধিকাৰৰ সংগ্ৰাম খনলৈ এন অনন্য মাত্ৰা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনিলে।

Related News