NORTHEAST NOW (Assamese)

‘মূৰ্খ নহয় খিলাড়ী হওক’ আহ্বানেৰে অনুৰাগীক সতৰ্ক হ’ব ক’লে অক্ষয় কুমাৰে

March 25, 2020 11:04 am · এন ই নাও নিউজ
Updated: March 25, 2020 11:19 am

বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ভয়াৱহতা গুৰুত্বসহকাৰে ল’বলৈ পুনৰ এবাৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছে বলিউদ অভিনেতা অক্ষয় কুমাৰে।

শেহতীয়াকৈ অক্ষয় কুমাৰে এটা ভিডিঅ’ৰ জৰিয়তে লকডাউনৰ সময়ত সকলো লোককে ঘৰত থাকিবলৈ আহ্বান জনায়।

ভিডিঅ’টোত অভিনেতাগৰাকীক খুব খঙত থকা পৰিলক্ষিত হয়। তেওঁ লকডাউনৰ সময়ত ঘৰৰ বাহিৰত ঘূৰি ফুৰা লোকসকলৰ মগজুৰ বিকৃতি ঘটা বুলি কটাক্ষ কৰে।

উল্লেখ্য যে অক্ষয় কুমাৰে সময়ে সময়ে ছ’চিয়েল মিডিয়াযোগে লোকসকলক মহামাৰী ভাইৰাছৰ ভয়াবহতাৰ বিষয়ে জনোৱাৰ লগতে সজাগ কৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে।

ইয়াৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল, ‘জীৱনত প্রথমবাৰৰ বাবে, যিয়ে ঘৰত থাকে সিয়ে জয়ী হ’ব! এইটো প্ৰতিযোগিতা, যিয়ে আমাক ৰক্ষা কৰিব…’।

লকডাউনৰ বাবে বৰ্তমান অক্ষয় কুমাৰ নিজ ঘৰতে আছে।

উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবেই তেওঁৰ নুতন ছবি Sooryavanshiৰ মুক্তিৰ দিন পিচুৱাইছে।

Related News