আজি মুম্বাইত কেকেৰ অন্তিম সংস্কাৰ: কেইবাগৰাকীও বলীউড তাৰকাৰ উপস্থিতিৰ সম্ভাৱনা
মঙ্গলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথ, অনুৰাগীৰ প্ৰিয় কেকেৰ অন্তিম সংস্কাৰ আজি মুম্বাইত অনুষ্ঠিত হ’ব।
মুম্বাইৰ ভাৰ্ছোভা শ্মশানত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব।
বুধবাৰে নিশা এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে কেকেৰ মৃতদেহ কলকাতাৰ পৰা মুম্বাইলৈ নিয়া হৈছিল।
মুম্বাইলৈ স্থানান্তৰৰ পূৰ্বে পশ্চিম বংগ চৰকাৰে বন্দুকৰ গুলীৰে অভিবাদন জনাই কেকেক শেষ শ্ৰদ্ধা জনাইছিল।
শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ আজিৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত বলীউডৰ কেইবাগৰাকীও তাৰকা উপস্থিত থকাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে কলকাতাৰ নজৰুল মঞ্চত সংগীতানুষ্ঠান পৰিৱেশনৰ মাত্ৰ কেইঘণ্টামান পিছতে হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা কেকেৰ মৃত্যু হৈছিল।
কেকেৰ মৃত্যুৰ পাছতে কলকাতা আৰক্ষীয়ে গায়কজনৰ মৃত্যুক লৈ এক অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰিছিল। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদনত হৃদ ৰোগৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি নিশ্চিত কৰা হয়।
প্ৰতিবেদন অনুসৰি, এছ.এছ.কে.এম. চিকিৎসালয়ৰ কলকাতা আৰক্ষীক দিয়া প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে ‘মায়োকাৰ্ডিয়েল ইনফাৰ্কচন’ৰ ফলত কণ্ঠশিল্পী গৰাকীৰ মৃত্যু হৈছিল।