কেএলঅ’-ৰ দীৰ্ঘদিনীয়া দাবী সোনকালেই পূৰণ হ’বলৈ আগবাঢ়িছে! পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰ সন্দৰ্ভত আলোচনা চূড়ান্ত পৰ্যায়ত আছে! কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কেএলঅ’)ৰ নেতৃত্ব শীঘ্ৰেই কেন্দ্ৰৰ সৈতে মুখামুখি দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিবলৈ স্বদেশলৈ উভতি আহিব।
কেএলঅ’ৰ মুৰব্বী জীৱন সিংহই বুধবাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰিছে। তেওঁ কোচ-কমতাপুৰৰ বাসিন্দাসকলকো শুভেচ্ছা জ্ঞাপন কৰিছে। এই বিবৃতি প্ৰকাশৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সংশ্লিষ্ট ৰাজনৈতিক মহলত চাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
লগতে পঢ়ক: বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গাৰ পৰা বিজেপিৰ গোন্ধ নাযায়
প্ৰেছ বিবৃতি অনুসৰি, কেএলঅ’য়ে এখন পৃথক ৰাজ্য কমতাপুৰ গঠনৰ বাবে কেন্দ্ৰৰ সৈতে আলোচনা কৰি আছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত মধ্যস্থতা কৰিছিল। জীৱন সিংহই দাবী কৰিছে যে দ্বিপাক্ষিক আলোচনা একেবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। তেওঁলোকে শীঘ্ৰেই মুখামুখি আলোচনাত যোগ দিবলৈ ভাৰতলৈ আহি আছে।
বৰ্তমান এই বিচ্ছিন্নতাবাদী সংগঠনটোৰ নেতাসকল ম্যানমাৰত আত্মগোপন কৰি আছে।প্ৰেছ বিবৃতিত জীৱন সিংহই পৃথক ৰাজ্য কমতাপুৰৰ দাবীত অংশগ্ৰহণকাৰী আন্দোলনকাৰীসকলক অভিনন্দন জনাইছে।
উল্লেখ্য যে পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ ৰাজ্য বিভাজনৰ বিৰোধী। তেওঁলোকে এখন পৃথক ৰাজ্য গঠনৰ বিৰোধিতা কৰি আহিছে। পত্ৰখনৰ মতে, কেন্দ্ৰীয় চৰকাৰে বংগৰ কিছু অংশ সামৰি এখন পৃথক ৰাজ্য গঠনৰ ক্ষেত্ৰত কেএলঅ’ৰ দৰে বিচ্ছিন্নতাবাদী সংগঠনৰ সৈতে আলোচনাৰ মেজত বহিছে।
তাৎপৰ্যপূৰ্ণভাৱে, এজন বিজেপি নেতা তথা আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ মধ্যস্থতা কৰিছে। স্বাভাৱিকতে, ৰাজনৈতিক মহলে ইয়াৰ আঁৰত গেৰুৱা শিবিৰৰ এক ৰাজনৈতিক উদ্দেশ্য থকা বুলি ধাৰণা কৰিছে।
বিভিন্ন মহলত চলি থকা চৰ্চা অনুসৰি প্ৰস্তাৱিত কমতাপুৰত অসমৰো কিছু অংশ অন্তৰ্ভুক্ত হ’ব। ইতিমধ্যে এনে বাতৰিক লৈ সম্ভাৱ্য সংশ্লিষ্ট অঞ্চলৰ বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। বিভিন্ন সময়ত পৃথক ৰাজ্য গঠনৰ কথা চৰকাৰী পক্ষৰ পৰা স্পষ্ট নকৰাৰ বাবে বিষয়টোৱে ধুঁৱলী-কুঁৱলীৰ সৃষ্টি কৰি আহিছিল। কিন্তু জীৱন সিংহৰ শেহতীয়া দাবীক লৈ পুনৰ আলোড়নৰ সৃষ্টি হৈছে।