• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ আগষ্টৰ পৰা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 24, 2018 6:29 am
Akhil Gogoi press meet

বৃহস্পতিবাৰে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অৰুণাচল প্ৰদেশত যদি ১৬৮ টা নদীবান্ধ হয় তেন্তে অসমৰ বাবে জীয়াই থকাটো অসম্ভৱ,‘- বৃহস্পতিবাৰে গান্ধীবস্তিস্থিত নিজা কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেলযোগে এই আশংকা প্ৰকাশ কৰে।

উল্লেখ্য যে, কেৰালাত হৈ যোৱা বিধ্বাংসী বানৰ পাছতেই কৃষক নেতাগৰাকী বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে।

Apply Now

এই সম্পৰ্কত তেওঁ উক্ত সংবাদমেলত কয়, ‘চিয়াং প্ৰকল্পটো নিৰ্মাণ কৰিব খোজা হৈছে ১০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে, দিবাং প্ৰকল্পটো ৬ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে ২ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবৰ বাবে।‘

এনেক্ষেত্ৰত  ৭৮০ মেগাৱাটৰ বিদ্যুৎ উৎপাদনে কেৰালাক ধ্বংস কৰাৰ লগতে ৭৫ মেগাৱাটৰ বিদ্যুৎ উৎপাদনে গোলাঘাটখন ধ্বংস কৰা বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘তেনেক্ষেত্ৰত চিয়াং প্ৰকল্পৰ ১০ হাজাৰ মেগাৱাটৰ লগতে ১৬৮ টা নদীবান্ধৰ নিৰ্মাণে অসমক কেনে পৰিস্থিতিৰ ফালে ঠেলি দিব পাৰে সেয়া অতি চিন্তনীয় বিষয়।‘

ইয়াৰোপৰি, ‘অসমত বানপানী মানে নদীবান্ধৰ পৰা হোৱা বানপানী‘ বুলি মত পোষণ কৰি তেওঁ লগতে কয়, ‘ইতিমধ্যে ৰঙানদী প্ৰকল্পৰ জৰিয়তে লখিমপুৰ, গহপুৰ আৰু ধেমাজি জিলাকেইখন ধ্বংস হৈছে, ৭৫ ৱাটৰ দৈয়াং প্ৰকল্পৰ কাৰণে গোলাঘাট ধ্বংস হৈ গ’ল। ১০০ মেগাৱাটৰ কাৰ্বি লাংপি প্ৰকল্পৰ কাৰণে কাৰ্বি আংলংখন ধ্বংস হৈছে আৰু ২০০ মেগাৱাটৰ কাৰণে নগাওঁ আৰু মৰিগাওঁ জিলা ধ্বংস হৈছে।‘

উল্লেখ্য যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে কৃষক নেতা অখিল গগৈয়ে উক্ত সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰে।

তদুপৰি একেখন সংবাদমেলতে তেওঁ অহা ৩১ আগষ্টৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সমগ্ৰ জিলা সদৰতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰে।

আনহাতে, ‘কেৰালাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি মানৱসৃষ্ট‘ বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘এই সম্পৰ্কে বহুতো গৱেষণালব্ধ প্ৰতিবেদন প্ৰকাশ পাইছে। উক্ত প্ৰতিবেদনসমূহত কেৰালাৰ ভয়াবহ বান পৰিস্থিতি বৃহৎ নদীবান্ধৰ ফলতেই হোৱা বুলি উল্লেখ আছে।‘

তদুপৰি কেৰালাত হৈ যোৱা বিধ্বংসী বানৰ পাছত এই বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা তথা দুৰ্য্যোগ হিচাপে ঘোষণা কৰাৰ দাবী জনায় কৃষক নেতা অখিল গগৈয়ে।

‘প্ৰায় আধা কেৰালা বানপানীৰ ফলত ধ্বংস হৈ যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্য্যোগ হিচাপে ঘোষণা নকৰাটো দুৰ্ভাগ্যজনক।‘ সংবাদমেলত এইদৰে কয় কৃষক নেতাগৰাকীয়ে।

আনহাতে, কেৰালা চৰকাৰে ঘোষণা কৰা অনুসৰি প্ৰায় ২২ হাজাৰ কোটি টকাৰ সম্পত্তি বানপানীৰ ফলত ধ্বংস হৈছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰি লগতে কয়  ‘দুৰ্ভাগ্যৰ কথা কেন্দ্ৰীয় চৰকাৰে কেৱল ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিয়েই ক্ষান্ত থাকিল। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা।‘

উল্লেখ্য যে, অসমৰ বিশেষজ্ঞ সমিতিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অসমৰ বৃহৎ নদীবান্ধৰ ওপৰত যি প্ৰতিবেদন দিছিল, সেই প্ৰতিবেদন দুয়োখন চৰকাৰে নাকচ কৰিলে বুলি কৃষক নেতাগৰাকীয়ে সংবাদমেলত জনায়।

আনহাতে, চীন, ভুটান, নাগালেণ্ড, মেঘালয় অথবা মণিপুৰত যদি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰে তেন্তে অসমখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি তেওঁ আশংকা প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd