NORTHEAST NOW (Assamese)

চামগুৰিত কংগ্ৰেছ বিধায়কক বিজেপি কৰ্মীৰ আক্ৰমণৰ ঘটনাক কৃষক মুক্তিৰ গৰিহণা

May 30, 2019 9:29 pm · এন ই নাও নিউজ
Updated: May 30, 2019 10:01 pm

নগাঁৱৰ চামগুৰিত বুধবাৰে বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু তেওঁলোকৰ দেহ ৰক্ষী তথা সমৰ্থকৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠনটোৰ সভাপতি ৰাজু বৰা আৰু সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয় যে কালি বিজেপিৰ কৰ্মীয়ে যি ঘটনা সংঘটিত কৰিলে ইয়ে বিজেপি দলৰ অসহিষ্ণুতা আৰু দমনমূলক চৰিত্ৰ প্ৰকট কৰি তুলিছে।

তদুপৰি, বিবৃতিটোত কোৱা হয় যে বাহন ক্ষতি কৰাৰ উপৰিও দলটোৰ কৰ্মীয়ে দেহৰক্ষী আৰু কংগ্ৰেছী কৰ্মী-সমৰ্থকক শাৰীৰিকভাবে প্ৰহাৰ কৰা ঘটনা নিশ্চিত ভাৱে গৰিহণাৰ যোগ্য।

তেওঁলোকে লগতে কয় আৰক্ষী প্ৰশাসনৰ সন্মুখতে ৰাজনৈতিক হিংসাত্মক পৰিস্থিতি ৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে এক ফেচিবাদী ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাদ্বয়ে শীঘ্ৰেই এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

Related News