NORTHEAST NOW (Assamese)

গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ

March 12, 2020 4:46 pm · কল্পজ্যোতি শইকীয়া
Updated: March 12, 2020 5:18 pm
ফটো : নৰ্থ-ইষ্ট নাও

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

যোৱা তিনিদিন ধৰি শয্যাগত হৈ থকা কোঁৱৰক আজি উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ অনা হয়।

গেষ্ট্ৰিক, লিভাৰ প্ৰব্লেম, গা বিষ, প্ৰচণ্ড মূৰৰ বিষ, কাঁহ ইত্যাদি বহুকেইটা ৰোগত আক্ৰান্ত হৈছে কৃষক নেতাজন।

জেইলত উন্নত চিকিৎসা নকৰা বুলি অভিযোগ তুলি কৃষক নেতাজনে তিনিদিন পূৰ্বে জেইলৰ চিকিৎসকে বিষৰ পৰা উপশম পাবলৈ তেওঁক একেলগে পাঁচটা বেজী দিয়া বুলি জনায়।

তিনিদিন পূৰ্বেই উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও জেইল কৰ্তৃপক্ষই নিৰাপত্তাৰক্ষী কম থকাৰ অজুহাত দেখুৱাই কোঁৱৰক জি এম চি এইচলৈ অনা নাছিল বুলিও উল্লেখ কৰে।

ইপিনে চিকিৎসকে ডেংগু হোৱা বুলি সন্দেহ কৰি পাঁচটাকৈ তেজৰ পৰীক্ষা কৰিব দিছে কোঁৱৰক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আজি তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয় যদিও শনিবাৰেহে প্ৰদান কৰিব তেজ পৰীক্ষাৰ ৰিপোৰ্ট।

ইফালে চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতে কৃষক নেতাজনে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ জনসাধাৰণক কা বিৰোধী আন্দোলন তীব্রতৰ কৰি তুলিবলৈ আহ্বান জনায়।

আনহাতে কা বিৰোধী আন্দোলনত সবল নেতৃত্ব লোৱা কৃষক মুক্তিৰ নেতা সকলক মুক্তিৰ বাবে চৰকাৰক আহ্বান জনায় ছাত্ৰ নেতা প্ৰাঞ্জল কলিতাই।

উল্লেখযোগ্য যে, যোৱা ১৪ ডিচেম্বৰত কা বিৰোধী আন্দোলনৰ ভৰপক ৰূপ লোৱাৰ সময়তে NIA ৰ এক গোচৰত গ্ৰেপ্তাৰ হৈ প্ৰায় ৩ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা ধৈৰ্য কোঁৱৰ।

Related News