টীয়কত ভিন্ন কাৰ্য্যসূচী; কৃষক মুক্তিৰ প্ৰতিবাদ, নেশ্যনেল মেডিক’জ অৰ্গেনাইজেছন অসমৰ ৰক্তদান শিবিৰ

বিজেপি নেতৃত্বাধীন চৰকাৰখনে আজি প্ৰায় এঘাৰ মাহ আক্ৰোশমূলকভাবে কৃষক নেতা অখিল গগৈক কাৰাবন্দী কৰি ৰখা আৰু নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বাতিলৰ দাবীত আজি টীয়কৰ মাজমজিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে।

সদস্য সকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰি অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়, অখিল গগৈ জিন্দাবাদ, বিজেপি চৰকাৰ মূর্দাবাদ, ‘কা’ বাতিল কৰক, বিজেপি চৰকাৰ নিপাত যাওক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে, নেশ্যনেল মেডিক’জ অৰ্গেনাইজেছন অসমে সেৱা ভাৰতীৰ সহযোগত আজি টীয়কৰ ঐতিহাসিক লাচিত মৈডামৰ প্ৰাংগণত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে।

বিগত ২৪  নৱেম্বৰৰ লাচিত দিৱস উপলক্ষে সংগঠনটোৱে টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত বৰফুকনৰ সমাধিস্থলী লাচিত মৈডামৰ সমীপৰ নৰাহিলৈদাৰী প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰিছিল যদিও ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি উক্ত দিনা কাৰ্যসূচী বাতিল কৰা হৈছিল।

আজি উক্ত কাৰ্যসূচীভাৱ ৰূপায়ন কৰে সংগঠনটোৱে। শতাধিক ব্যক্তিয়ে স্বইচ্ছাৰে এই ৰক্তদান শিৱিৰত ৰক্তদান কৰে ।

উক্ত অনুষ্ঠানত উদ্যোক্তা হিচাপে ডা: যদুনাথ বুঢ়াগোহাঁই,ডা:সন্তোষ চাহু,টীয়ক এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা: দুলুমণি কলিতাকে প্ৰমুখ্য কৰি ভালেসংখ্যক চিকিৎসাকৰ্মী উপস্থিত থাকে।

উপস্থিত চিকিৎসক সকলে সুস্থ সবল সকলোকে ৰক্তদান কৰি নিজকে আৰু অধিক সুস্থ কৰি তোলাৰ লগতে ৰক্তহীনতা তথা ৰক্ত প্ৰয়োজনীয়তা থকা ৰোগীসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।