NORTHEAST NOW (Assamese)

সদায় পুৱা খোজকঢ়া অভ্যাস? খোজ কাঢ়োতে ৫টা নিয়ম মানি চলিলেই পাব উপকাৰ; নহ’লে পণ্ড হ’ব পৰিশ্ৰম

April 23, 2025 9:10 pm · এন ই নাও নিউজ, গুৱাহাটী

সুস্থতাৰ বাবে খোজ কঢ়াটোৱেই আটাইতকৈ সহজ আৰু ফলপ্ৰসূ ব্যায়াম। দিনটোৰ ভিতৰত আন কোনো শাৰীৰিক ব্যায়াম কৰিবলৈ সময় নাথাকিলেও অন্ততঃ খোজ কাঢ়িবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

নিয়মিত খোজ কঢ়াৰ অভ্যাসে ডায়েবেটিছ, ৰক্তচাপ, কলেষ্টেৰল আদি ৰোগবোৰক সহজেই নিয়ন্ত্ৰণত ৰাখিব পাৰে। বহুতে সুস্থ জীৱন যাপন কৰিবলৈ প্ৰতিদিনে পুৱা খোজ কাঢ়িবলৈ যায়। কিন্তু প্ৰকৃত উপকাৰ পাবলৈ ৰাতিপুৱাৰ খোজকঢ়াৰ সময়ত কেইটামান নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ।

১) সময় মানি খোজ কঢ়া : বহুতে ৰাতিপুৱা মাত্ৰ ১০ৰ পৰা ১৫ মিনিট খোজ কাঢ়ে। আৰু তাতেই শৰীৰৰ উপকাৰ হ’ব বুলি ভাবে। কিন্তু বাস্তৱত এইখিনি সময় খোজ কাঢ়িলে কোনো লাভ নহয়। কমেও ৩০ মিনিট খোজ কাঢ়িব লাগিব। পাৰিলে তাতকৈ অলপ বেছি সময় খোজ কাঢ়িব পাৰে। কিন্তু ইয়াতকৈ কম সময় খোজ কাঢ়িলে নহ’ব।

২) ৱাৰ্ম আপ কৰক: ব্ৰিস্ক ওৱাক বা বেগাই খোজ কঢ়াৰ আগতে ৱাৰ্ম আপ কৰাটো নিশ্চিত কৰক। ৰাতিৰ জিৰণিৰ পিছত খোজ কঢ়াৰ আগতে ৪-৫ মিনিটৰ লঘু ৱাৰ্ম আপ কৰক যাতে আপোনাৰ পেশীবোৰ সঠিকভাৱে গতিশীল হৈ থাকে। অন্যথা খোজ কঢ়াৰ সময়ত ভৰি আৰু পিঠিত ক্ৰেম্প হ’ব পাৰে।

৩) হাইড্ৰেটেড হৈ থাকক: খোজ কঢ়াৰ সময়ত পিয়াহ অনুভৱ কৰাটো অতি স্বাভাৱিক। ফুৰিবলৈ যোৱাৰ আগতে অলপ পানী খাব লাগে। খোজ কাঢ়ি থাকোঁতে পানীৰ বটল এটা লগত ৰাখক। পিয়াহ লাগিলে পানী খাবলৈ নাপাহৰিব। ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ নহ’ব।

৪) সঠিক জোতা আৰু কাপোৰ পিন্ধক: খোজ কঢ়াৰ বাবে অৱশ্যে ভাল জোতা পিন্ধক। অন্যথা ভৰিৰ ওপৰত চাপ পৰিব। সঠিক জোতা নিপিন্ধাকৈ বেগাই খোজ কঢ়াৰ ফলত ভৰিৰ সমস্যা হ’ব পাৰে। বৰ দামী জোতা নিপিন্ধিলেও অন্ততঃ কিবা এবিধ স্প’ৰ্টছ জোতা পিন্ধিবলৈ চেষ্টা কৰক। খোজ কঢ়াৰ সময়ত কপাহী আৰু ঢিলা কাপোৰ পিন্ধিব লাগে। ঘাম ওলালে অস্বস্তি কমি যাব।

৫) খালী পেটত খোজ কাঢ়িব নালাগে: ৰাতিপুৱা সাৰ পোৱাৰ ঠিক পিছতেই খোজ কাঢ়িলে বহু লোকৰ শক্তি কম পায়। লগতে, বেছি সময় খালী পেটত থাকিলেও গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যা হ’ব পাৰে। তেনে ক্ষেত্ৰত অলপ ড্ৰাই ফুড এটা খাই খোজ কাঢ়িবলৈ যাব পাৰে। ব্লেক কফি খালেও খোজ কাঢ়িবলৈ শক্তি পাব।

Related News