• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপোনাৰ খুব সোনকালে খং উঠে নেকি? তেন্তে মনটো শান্ত ৰাখিবলৈ এই ৫ টা কাম অৱশ্যে কৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2024 7:57 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

89
VIEWS
Share on FacebookShare on Twitter

আমাৰ জীৱনত কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হওঁ যেতিয়া আমি উদ্বেগ আৰু খঙেৰে ভৰি পৰো। বহু সময়ত আমি খঙত নিজকে বা আনক আঘাত দিওঁ। কিন্তু এনে পৰিস্থিতিত শান্ত হৈ থকা আৰু খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।

ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰিলে গৌতম বুদ্ধৰ দৰে হৈ পৰিব। কোনো কষ্টই আপোনাক বিচলিত কৰিব নোৱাৰে। আপুনি ভাল সিদ্ধান্ত ল’ব পাৰিব আৰু সম্পৰ্কবোৰ শক্তিশালী কৰি ৰাখিব পাৰিব। ইয়াত আপোনালোকৰ বাবে ৫টা ফলপ্ৰসূ কিটিপ দাঙি ধৰা হ’ল, যিয়ে আপোনাক আপোনাৰ খং নিয়ন্ত্ৰণ কৰাত আৰু মনক শান্ত কৰি ৰখাত সহায় কৰিব।

দীঘলকৈ উশাহ এটা লৈ ৰৈ যাওক

যেতিয়াই আমাৰ খং উঠে তেতিয়াই আমাৰ মগজুৱে খৰধৰকৈ প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। এনে সময়ত ৰৈ দীঘলকৈ উশাহ এটা লওক। নাকেৰে দীঘলকৈ উশাহ এটা লৈ কেইছেকেণ্ডমান উশাহটো ধৰি ৰাখক। তাৰ পিছত লাহে লাহে মুখেৰে  উশাহ এৰি দিয়ক। এই প্ৰক্ৰিয়াটো ৫-১০ বাৰ পুনৰাবৃত্তি কৰক। ই আপোনাৰ শৰীৰ আৰু মনক শিথিল কৰাত সহায় কৰিব।

খঙৰ কাৰণ চিনাক্ত কৰক

প্ৰায়ে খং সৰু সৰু কথাৰ পৰাই আৰম্ভ হয়, কিন্তু আচল কাৰণটো বেলেগ থাকে। কেতিয়াবা আমাৰ ভিতৰত ইমানেই বেছি ক্ষোভ জমা হৈ থাকে যে কোনো সৰু কথাতে সেই সকলোবোৰ ওলাই আহে। আমি আনৰ ওপৰত বা নিজৰ ওপৰত খং প্ৰকাশ কৰোঁ। খঙৰ কাৰণ বুজি পালে ইয়াৰ সৈতে ভালদৰে মোকাবিলা কৰাত সহায়ক হ’ব পাৰে। ভাবি চাওক, এই পৰিস্থিতি সঁচাকৈয়ে ইমান ডাঙৰনে? যিমান সোনকালে ভাবিব সিমান সোনকালে শান্ত হ’বলৈ আৰম্ভ কৰিব।

শান্তভাৱে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰক

খঙত চিঞৰি বা তৰ্ক কৰিলে সমস্যাটো আৰু বেছি ভয়াৱহ হ’ব পাৰে। গতিকে কথা কওঁতে নিজকে শান্ত কৰি ৰাখক। আনক বুজিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাক আৰু আনজনকো সমাধানৰ পথত উপনীত হোৱাত সহায় কৰিব।

ইতিবাচক মনোভাৱ ৰাখক

খঙৰ সময়ত আমাৰ মনটোৱে নেতিবাচক কথাবোৰত অধিক মনোনিৱেশ কৰে। সলনি কৰাৰ চেষ্টা কৰক। ইতিবাচক চিন্তা মনলৈ আনিব। ভাবি চাওক, কিছু সময়ৰ পাছতো এই সমস্যাটো ইমানেই গুৰুত্বপূৰ্ণ হৈ থাকিবনে? এইদৰে আপুনি পৰিস্থিতিক সহজভাৱে ল’ব পাৰিব আৰু উন্নত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিব।

অলপ বিৰতি লৈ মনটো শান্ত কৰক

যদি পৰিস্থিতিটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন লাগে, তেন্তে কিছু সময়ৰ বাবে ইয়াৰ পৰা আঁতৰি যাওক। ফুৰিবলৈ যাওক, পানী খাওক বা কোনো প্ৰিয় গীত এটা শুনক। নিজৰ শান্ত মনলৈ উভতি আহি সমস্যাটো সমাধান কৰক।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd