NORTHEAST NOW (Assamese)

আপোনাৰ খুব সোনকালে খং উঠে নেকি? তেন্তে মনটো শান্ত ৰাখিবলৈ এই ৫ টা কাম অৱশ্যে কৰক

November 29, 2024 7:57 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

আমাৰ জীৱনত কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হওঁ যেতিয়া আমি উদ্বেগ আৰু খঙেৰে ভৰি পৰ। বহু সময়ত আমি খঙত নিজকে বা আনক আঘাত দিওঁ। কিন্তু এনে পৰিস্থিতিত শান্ত হৈ থকা আৰু খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।

ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰিলে গৌতম বুদ্ধৰ দৰে হৈ পৰিব। কোনো কষ্টই আপোনাক বিচলিত কৰিব নোৱাৰে। আপুনি ভাল সিদ্ধান্ত ল’ব পাৰিব আৰু সম্পৰ্কবোৰ শক্তিশালী কৰি ৰাখিব পাৰিব। ইয়াত আপোনালোকৰ বাবে ৫টা ফলপ্ৰসূ কিটিপ দাঙি ধৰা হ’ল, যিয়ে আপোনাক আপোনাৰ খং নিয়ন্ত্ৰণ কৰাত আৰু মনক শান্ত কৰি ৰখাত সহায় কৰিব।

দীঘলকৈ উশাহ এটা লৈ ৰৈ যাওক

যেতিয়াই আমাৰ খং উঠে তেতিয়াই আমাৰ মগজুৱে খৰধৰকৈ প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। এনে সময়ত ৰৈ দীঘলকৈ উশাহ এটা লওক। নাকেৰে দীঘলকৈ উশাহ এটা লৈ কেইছেকেণ্ডমান উশাহটো ধৰি ৰাখক। তাৰ পিছত লাহে লাহে মুখেৰে  উশাহ এৰি দিয়ক। এই প্ৰক্ৰিয়াটো ৫-১০ বাৰ পুনৰাবৃত্তি কৰক। ই আপোনাৰ শৰীৰ আৰু মনক শিথিল কৰাত সহায় কৰিব।

খঙৰ কাৰণ চিনাক্ত কৰ

প্ৰায়ে খং সৰু সৰু কথাৰ পৰাই আৰম্ভ হয়, কিন্তু আচল কাৰণটো বেলেগ থাকে। কেতিয়াবা আমাৰ ভিতৰত ইমানেই বেছি ক্ষোভ জমা হৈ থাকে যে কোনো সৰু কথাতে সেই সকলোবোৰ ওলাই আহে। আমি আনৰ ওপৰত বা নিজৰ ওপৰত খং প্ৰকাশ কৰোঁ। খঙৰ কাৰণ বুজি পালে ইয়াৰ সৈতে ভালদৰে মোকাবিলা কৰাত সহায়ক হ’ব পাৰে। ভাবি চাওক, এই পৰিস্থিতি সঁচাকৈয়ে ইমান ডাঙৰনে? যিমান সোনকালে ভাবিব সিমান সোনকালে শান্ত হ’বলৈ আৰম্ভ কৰিব।

শান্তভাৱে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰক

খঙত চিঞৰি বা তৰ্ক কৰিলে সমস্যাটো আৰু বেছি ভয়াৱহ হ’ব পাৰে। গতিকে কথা কওঁতে নিজকে শান্ত কৰি ৰাখক। আনক বুজিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাক আৰু আনজনকো সমাধানৰ পথত উপনীত হোৱাত সহায় কৰিব।

ইতিবাচক মনোভাৱ ৰাখক

খঙৰ সময়ত আমাৰ মনটোৱে নেতিবাচক কথাবোৰত অধিক মনোনিৱেশ কৰে। সলনি কৰাৰ চেষ্টা কৰক। ইতিবাচক চিন্তা মনলৈ আনিব। ভাবি চাওক, কিছু সময়ৰ পাছতো এই সমস্যাটো ইমানেই গুৰুত্বপূৰ্ণ হৈ থাকিবনে? এইদৰে আপুনি পৰিস্থিতিক সহজভাৱে ল’ব পাৰিব আৰু উন্নত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিব।

অলপ বিৰতি লৈ মনটো শান্ত কৰক

যদি পৰিস্থিতিটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন লাগে, তেন্তে কিছু সময়ৰ বাবে ইয়াৰ পৰা আঁতৰি যাওক। ফুৰিবলৈ যাওক, পানী খাওক বা কোনো প্ৰিয় গীত এটা শুনক। নিজৰ শান্ত মনলৈ উভতি আহি সমস্যাটো সমাধান কৰক।

Related News