NORTHEAST NOW (Assamese)

কৰ্ণাটকৰ পিছত তেলেংগানাত শাসনত বহুৱালে কংগ্ৰেছক; কোন এইজন ‘দক্ষিণৰ পি কে’?

December 4, 2023 12:11 pm · এন ই নাও নিউজ, গুৱাহাটী

কিছু মাহ পূৰ্বে কংগ্ৰেছে বিজেপিক পৰাস্ত কৰি কৰ্ণাটকত চৰকাৰ গঠন কৰিছিল। সেই নির্বাচনৰ পাছত প্রথমবাৰৰ বাবে পোহৰলৈ আহিছিল সুনীল কানুগোলুৰ নাম৷ তেলেংগানাত কংগ্ৰেছৰ ‘পুনৰ্জন্ম’ৰ পিছত পুনৰবাৰ সুনীলক কেন্দ্ৰ কৰি মানুহৰ কৌতুহল সৃষ্টি হৈছে। কোন এই সুনীল কানুগোলু?

উত্তৰ ভাৰতত কংগ্ৰেছৰ স্থিতি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাৰ বিপৰীতে দক্ষিণ ভাৰতত কংগ্ৰেছে ক্ৰমান্বয়ে পুনৰ খোপনি পুতিছে।

তেলেংগানাত ‘চানক্য’ হিচাপে কংগ্ৰেছক বাট দেখুৱাইছে সুনীলে। এই সুনীলক নিযুক্তিৰ বাবে প্ৰায় দুবছৰ পূৰ্বে কেচিআৰৰ সৈতে এখন বৈঠক হৈছিল। তামিলনাডুৰ নিৰ্বাচনত অংক সফল কৰি অহাৰ পিছত কেচিআৰে সুনীলক তেওঁৰ ফালে টানিব বিচাৰিছিল। অৱশ্যে কেচিআৰৰ প্ৰস্তাৱ নাকচ কৰে সুনীলে। পিছত তেওঁ কংগ্ৰেছত যোগদান কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী কৌশল সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।

লগতে পঢ়কঃ Mizoram 2023 Assembly Election Result: নাটকীয় উত্থানেৰে মিজোৰামত চৰকাৰ গঠনৰ দিশে জেড পি এম! ছন্দপতন জোৰামথাংগাৰ এম এন এফৰ

দক্ষিণ ভাৰতত কংগ্ৰেছ সংগঠনক শক্তিশালী কৰাৰ বাবে সুনীলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু যেতিয়া এই সুনীলেই ৰাহুল গান্ধীক কৈছিল যে তেলেংগানাত কেচিআৰক পৰাস্ত কৰাটো সম্ভৱ… তেতিয়া কংগ্ৰেছৰ একাংশই তেওঁক বিশ্বাস কৰা নাছিল।

পিছত হায়দৰাবাদৰ সুনীলৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলায় যদিও সুনীল নিজৰ লক্ষ্যত অটল আছিল। এই পৰিস্থিতিত হিন্দী বেল্টৰ তিনিখন ৰাজ্যত কংগ্ৰেছৰ পৰাজয় হোৱা দিনটোতে প্ৰথমবাৰৰ বাবে তেলেংগানাত কংগ্ৰেছক ক্ষমতালৈ আনিলে সুনীলে।

বাতৰি অনুসৰি, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। অৱশ্যে দলৰ জ্যেষ্ঠ নেতাসকলে তেওঁৰ বাবে ‘বাধা’ হিচাপে থিয় দিছিল। এই পৰিস্থিতিত তেওঁৰ ‘যাদু’ হিন্দী বলয়ত কাম কৰা নাছিল। কিন্তু দক্ষিণ ভাৰতত তেওঁৰ অংকত ফলাফল আহিছে।

লগতে পঢ়কঃ দক্ষিণ গাজাতো আক্ৰমণ বৃদ্ধি কৰিছে ইজৰাইলী বাহিনীয়ে; আশ্ৰয় বিচাৰি অনিশ্চিত যাত্ৰা বাসিন্দাৰ

তেলেংগানাত কেনেকৈ সফলতা আহিল? খবৰ অনুসৰি সুনীলে তেলেংগানাত তৃণমূল পৰ্যায়ত জৰীপ চলাইছিল। তেওঁৰ দলৰ কথা অনুসৰিয়ে কাম কৰিছিল কংগ্ৰেছৰ নেতাসকলে।

ইপিনে, ৰাজস্থানত হেনো সুনীলৰ বিৰোধিতাৰে সৰৱ হৈছিল অশোক গেহলটে নিজেই। সমীক্ষাৰ অন্তত সুনীলৰ দলে কেইবাজনো নেতাক টিকট নিদিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু অশোক গেহলটে এই প্ৰস্তাৱ খাৰিজ কৰে। কিন্তু ৰাজস্থানত যি নহ’ল, সেয়া তেলেংগানাত হ’ল৷ গতিকে এআইএমআইএম, বিজেপি, ৱাই এছ শৰ্মিলা, চন্দ্ৰবাবু নাইডুৰ প্ৰত্যাহ্বান চম্ভালি সুনীলে কংগ্ৰেছক বিজয়ী কৰালে সুনীলে।

লগতে পঢ়কঃ এইবাৰ নিয়মৰক্ষাৰ মেচতো ৰেহাই নিদিলে অষ্ট্ৰেলিয়াক! বলাৰৰ শক্তিৰে বিশ্বজয়ীক হৰুৱাই শৃংখলা সামৰিলে টীম ইণ্ডিয়াই

জানিব পৰা মতে, সুনীলৰ জন্ম চেন্নাইত। আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰে। মেককিনছি কনচালটেন্সি ফাৰ্মত কাম কৰে। পিছত আইপ্যাকত আহি যোগদান কৰে। বাতৰি অনুসৰি যেতিয়া প্ৰশান্ত কিশোৰে ডি এম কেৰ সৈতে হাত মিলাইছিল, তেতিয়াই সুনীল সেই শিবিৰৰ পৰা ওলাই আহিছিল।

Related News