NORTHEAST NOW (Assamese)

Tips for charging smartphones: কেনেদৰে আপোনাৰ স্মাৰ্টফোনটো দ্ৰুততাৰে চাৰ্জ কৰিব? জানি লওক এইকেইটা উপায়

June 19, 2022 7:50 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

স্মাৰ্টফোনৰ ব্যৱহাৰ এতিয়া দৈনন্দিন জীৱনৰ সৈতে অবিচ্ছেদ্যভাৱে সম্পৰ্কিত। কিন্তু যেতিয়া প্ৰয়োজনত ফোনটোৰ বেটাৰী শেষ হয় তেতিয়া সমস্যাই দেখা দিয়ে। এই সমস্যাটো সমাধান কৰিবলৈ যোৱা কেইবছৰমানত দ্ৰুত চাৰ্জিং প্ৰযুক্তি বজাৰলৈ আহিছে। যিটো ব্যৱহাৰ কৰি স্মাৰ্টফোনৰ বেটাৰি দ্ৰুততাৰে চাৰ্জ কৰা সম্ভৱ।

কিন্তু বহুসময়ত নিজৰ ভুলৰ বাবে স্মাৰ্টফোনটো চাৰ্জ কৰাত পলম হয়। কিন্তু কেনেদৰে চাৰ্জ কৰিলে স্মাৰ্টফোনটো সোনকালেই চাৰ্জ হ’ব জানি লওঁকঃ-

আপুনি প্ৰথমে জানিব লাগিব যে আপোনাৰ ফোনত সৰ্বাধিক কিমান স্পীডৰ ফাষ্ট চাৰ্জিং ছাপোৰ্ট আছে। তাৰ পিছত বজাৰৰ পৰা সৰ্বাধিক স্পীডৰ ফাষ্ট চাৰ্জাৰ এটা কিনি লওক আৰু ইয়াক ব্যৱহাৰ কৰক। এই চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে ফোনটো আগৰ তুলনাত দ্ৰুতগতিত চাৰ্জ হ’ব।

প্রতিনিধিত্বমূলক ফটো।

ফোনটো চাৰ্জ কৰাৰ সময়ত ৱাই-ফাই, ব্লুটুথ, জিপিএছ, হটস্পটৰ দৰে বেটাৰী দুৰ্বল কৰা সকলো ফিচাৰ অফ কৰক। এনেদৰে স্মাৰ্টফোনটো সোনকালে চাৰ্জ কৰিব পাৰি। ইউএছবি পোৰ্টৰ জৰিয়তে চাৰ্জ কৰাৰ ক্ষেত্ৰত বেছি গতি লাভ নহয়। সেয়ে ৱাল চাৰ্জাৰ ব্যৱহাৰ কৰি ফোনটো চাৰ্জ কৰক।

অ’ৰিজিনেল কেবলৰ জৰিয়তে ফোনটো চাৰ্জ কৰিবলৈ চেষ্টা কৰক। বজাৰৰ পৰা ক্ৰয় কৰা কম মূল্যৰ কেবলত চাৰ্জিং গতি যথেষ্ট হ্ৰাস হয়। চাৰ্জ কৰাৰ সময়ত বেকগ্ৰাউণ্ডৰ এপসমূহ অফ কৰি ৰাখক। এই এপে যথেষ্ট বেটাৰী নষ্ট কৰে। গতিকে যদি ইয়াক আপুনি অফ কৰে স্মাৰ্টফোনটো সোনকালে চাৰ্জ হ’ব।

দ্ৰুত ফোন চাৰ্জিঙৰ বাবে এয়াৰপ্লেন মোড এনাব’ল কৰক। ফলত আপোনাৰ ফোনটো অধিক দ্ৰুতগতিত চাৰ্জ হ’ব। প্ৰতিটো বেটাৰীৰ এক নিৰ্দিষ্ট জীৱনকাল থাকে। গতিকে প্ৰতিটো চাৰ্জিঙৰ পিছত ইয়াৰ আয়ুস অলপ হ্ৰাস হয়। গোটেই নিশা ফোনটো চাৰ্জ নকৰিব। ইয়াৰ ফলত বেটাৰীৰ যথেষ্ট ক্ষতি হয়। চাৰ্জাৰটো ৮০ শতাংশ চাৰ্জ হ’লে সংযোগ বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰক।

প্রতিনিধিত্বমূলক ফটো।

চাৰ্জ কৰাৰ সময়ত ফোনটো ব্যৱহাৰ নকৰিব। চাৰ্জ কৰাৰ সময়ত ফোনত কথা পতা বা গেম খেলা পৰিহাৰ কৰিব। এই কথাবোৰ মনত ৰাখিলে এপিনে ফোনটোও  ভালে থাকিব আৰু আনহাতে বেটাৰীটোও সোনকালে চাৰ্জ হ’ব।

Related News