NORTHEAST NOW (Assamese)

এই ১০টা কাৰণত স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক নষ্ট হৈ ঘটিব পাৰে বিবাহ বিচ্ছেদ! কি কৈছে গৱেষণাই?

December 16, 2024 8:33 am · এন ই নাও নিউজ, গুৱাহাটী

সকলো বিবাহিত জীৱনতে সমস্যা হ’ব পাৰে, যদি নিজৰ মাজত সমস্যা সমাধান কৰিব নোৱাৰিলে তেন্তে বিবাহ ভাঙিব পাৰে।

সকলো দম্পতীৰে সমস্যা হ’ব পাৰে। কিন্তু নিজৰ মাজতে আলোচনা কৰি সেই সমস্যা সমাধান কৰিব লাগিব। যদি স্বামী-স্ত্ৰীয়ে নিজে সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে ইয়াৰ ফলত বিবাহ বিচ্ছেদ হ’ব পাৰে।

বিবাহ বিচ্ছেদৰ কাৰণ সন্দৰ্ভত কি কোৱা হৈছে আমেৰিকাৰ সমীক্ষাত

২০০৫ চনত আমেৰিকাত বিবাহ বিচ্ছেদৰ কাৰণসমূহৰ ওপৰত এক সমীক্ষা কৰা হৈছিল। সেই অধ্যয়ন অনুসৰি যদি পতি-পত্নীৰ মাজৰ কোনোবা এজন সম্পৰ্কটোৰ বাবে দায়বদ্ধ নহয় তেন্তে সম্পৰ্কটো ধ্বংস হ’ব পাৰে।

স্বামী-স্ত্ৰীৰ মাজত অহৰহ কাজিয়া

আমেৰিকাৰ এই অধ্যয়ন অনুসৰি যদি স্বামী-স্ত্ৰীৰ মাজত তুচ্ছ বা গুৰুত্বপূৰ্ণ কাৰণত সঘনাই কাজিয়া হয়, তেন্তে ইজনে সিজনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। তেনে ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ আশংকা বাঢ়ি যায়।

ইজনে সিজনৰ প্ৰতি স্থাহীনতা

অধ্যয়নত দেখা গৈছে যে যদি কোনো স্বামী বা পত্নীয়ে ইজনে সিজনক বিশ্বাস নকৰে তেন্তে সম্পৰ্কটো নিঃশেষ হৈ যায়। পাৰস্পৰিক বিশ্বাস আৰু আস্থা অবিহনে কোনো সম্পৰ্ক স্থায়ী হ’ব নোৱাৰে।

কম বয়সতে বিয়া

অধ্যয়নত দেখা গৈছে যে যদি কোনো দম্পতীয়ে কম বয়সত বিবাহপাশত আবদ্ধ হয় তেন্তে বয়স বঢ়াৰ লগে লগে ইজনে সিজনৰ প্ৰতি আকৰ্ষণ কমি যাব পাৰে। বয়স বঢ়াৰ লগে লগে বহু কথাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সলনি হয়। তেতিয়া স্বামী বা পত্নীৰ লগত মতানৈক্য হ’ব পাৰে।

উচ্চাকাংক্ষাৰ লগতে অবাস্তৱ চাহিদা

যদি কোনো স্বামী বা পত্নীয়ে তেওঁলোকৰ সংগীয়ে তেওঁলোকৰ সকলো প্ৰয়োজন পূৰণ কৰিব বুলি আশা কৰে তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি আমেৰিকাৰ অধ্যয়নত প্ৰকাশ পাইছে। হতাশা আৰু বিৰক্তিয়ে সম্পৰ্ক ধ্বংস কৰিব পাৰে।

বয়সৰ পাৰ্থক্য, শিক্ষাগত অৰ্হতা ইত্যাদিৰ পাৰ্থক্য

আমেৰিকাৰ অধ্যয়ন অনুসৰি স্বামী-স্ত্ৰীৰ মাজত যদি বেছি দূৰত্ব থাকে তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এজনে আনজনৰ ওপৰত জোৰকৈ সিদ্ধান্ত ল’লে আনজন হতাশ হৈ পৰে। ইয়াৰ ফলত সম্পৰ্ক ধ্বংস হ’ব পাৰে।

ভালদৰে প্ৰস্তুত হোৱাৰ আগতেই বিয়া

আমেৰিকাৰ সমীক্ষা অনুসৰি বিবাহৰ বাবে শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে প্ৰস্তুত নহ’লে ভাল পৰিয়াল এটা গঢ়ি তোলাটো কঠিন। প্ৰতি পদে পদে সমস্যা হব পাৰে।

শাৰীৰিক বা মানসিক নিৰ্যাতন

যদি স্বামী বা পত্নীয়ে আনজনক শাৰীৰিক বা মানসিকভাৱে নিৰ্যাতন চলাই থাকে তেন্তে সংশ্লিষ্ট ব্যক্তিজন আতংকিত হৈ পৰে। তেনে ক্ষেত্ৰত তেওঁ এই সম্পৰ্কৰ পৰা মুক্তি পাব বিচাৰে।

আৰ্থিক সমস্যা

আমেৰিকাৰ অধ্যয়ন অনুসৰি বিয়াৰ পিছত যদি ঋণৰ পৰিমাণ বাঢ়ি যায়,  হাতত টকা নাথাকে, উপাৰ্জনৰ তুলনাত খৰচ বেছি হয়, তেতিয়া স্বামী-স্ত্ৰীৰ মাজত সমস্যা হ’ব পাৰে।

ঘৰৰ দৈনন্দিন কামকাজক লৈ দ্বন্দ্ব

বেছিভাগ পুৰুষে ভাবে যে ঘৰৰ সকলো কাম পত্নীয়ে কৰিব। এই মনোভাৱে প্ৰায়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ পত্নী আৰ্থিকভাৱে স্বাৱলম্বী হ’লে।

নৰ্থইষ্ট নাওৱে আমেৰিকাত বিবাহিত লোকৰ সমস্যাৰ ওপৰত কৰা যি সমীক্ষাৰ ফলাফল সেয়া বিশ্লেষণ কৰি চোৱা নাই। ফলত কোনো দম্পতীয়ে আতংকিত হ’ব নালাগে। কিন্তু নিজৰ মাজত ভাল সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয়।

Related News