NORTHEAST NOW (Assamese)

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

July 28, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 27, 2025 9:04 pm

“সকলো ঠিক হৈ যাব,” “ইতিবাচক চিন্তা”, “ইয়াত ভাগি পৰিবলৈ কি আছে?” এনেবোৰ কথা প্ৰথম দৃষ্টিত ইতিবাচক যেন লাগিব পাৰে। কিন্তু যেতিয়া মনটো বিষাদেৰে ভৰি থাকে তেতিয়া নিজকে জোৰকৈ সুখী হ’বলৈ দিয়া এই উপদেশ বিষৰ দৰে হ’ব পাৰে। মনোবিজ্ঞানত ইয়াক ‘টক্সিক পজিটিভিটি’ বা বিষাক্ত ইতিবাচকতা বুলি কোৱা হয়।

টক্সিক পজিটিভিটিকি?

বহুতে ইতিবাচক হোৱাটো মনৰ স্বাভাৱিক অৱস্থা বুলি ভাবে। কিন্তু ইতিবাচক হোৱাটো যিদৰে গুৰুত্বপূৰ্ণ, তেনেদৰে জীৱনৰ কঠিন সময়ত দুখ, কষ্ট, খঙৰ দৰে অনুভৱবোৰো অতি স্বাভাৱিক। এনে স্বাভাৱিক অনুভূতিক দমন কৰি কেৱল ইতিবাচক হৈ থাকিবলৈ চাপ দিয়াটো হিতে-বিপৰীত হ’ব পাৰে।

টক্সিক পজিটিভ মানুহে এনে আচৰণ কৰে যেন দুখী হোৱাটোৱে এটা অপৰাধ। কেতিয়াবা বন্ধু-বান্ধৱ বা পৰিয়ালে আপোনাৰ বাবে ভাল বিচৰাৰ বাবেই এই কথা ক’ব পাৰে, কিন্তু ফলাফল সদায় ভাল নহয়। নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰা বা ‘নেতিবাচক’ বুলি লেবেল লগোৱাৰ ফলত নিসংগতা আৰু মানসিক চাপ বৃদ্ধি পায়।

বিশেষজ্ঞসকলৰ মতে সুস্থ মন এটাৰ বাবে সকলো ধৰণৰ অনুভূতিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। দুখী হ’লে কন্দাটোৱে স্বাভাৱিক, খং উঠিলেও সেই কথা প্ৰকাশ কৰাটোও গুৰুত্বপূৰ্ণ। যদি আপুনি জোৰকৈ ‘ইতিবাচক’ হোৱাৰ মুখা পিন্ধে, তেন্তে সেই দমন কৰা অনুভৱবোৰে পিছত হতাশা বা উদ্বেগৰ ৰূপ লয়।

অবাঞ্চিত উপদেশৰ বোজা নিদিয়াকৈ দুখৰ দিনত আপোনজনৰ কাষত মনে মনে বহি থকাটো বহুত বেছি জৰুৰী। স্থায়ী মানসিক সুস্থতাৰ চাবিকাঠি নিহিত হৈ আছে সকলো অনুভূতিক স্বীকাৰ কৰা।

নে পৰিস্থিতিত কি কৰিব?

) কোনো ধৰণৰ অনুভূতি পেলাই নিদিব: হতাশা-ক্ৰোধ-ভয় সকলো স্বাভাৱিক অনুভূতি। এই অনুভৱবোৰ দমন কৰি সকলো সময়তে নিজকে জোৰকৈ হাঁহিবলৈ আৰু ভাল হোৱাৰ অভিনয় কৰিবলৈ চেষ্টা নকৰিব।

) ছাপোৰ্টিভ, বাস্তৱবাদী মানুহৰ লগত থাকক: সদায় কেৱল ইতিবাচক শব্দ কোৱা মানুহৰ নিশ্চয় প্ৰয়োজন। কিন্তু কেতিয়াবা কেতিয়াবা জীৱনত বাস্তৱবাদী মানুহৰো প্ৰয়োজন।

৩) নিজকে সময় দিয়ক: যেতিয়া আপুনি নিৰাশ অনুভৱ কৰে, তেতিয়া সেইটো গ্ৰহণ কৰক আৰু নিজকে কওক, “এয়াও মোৰ জীৱনৰ এটা অংশ।” নিজকে চাপ নিদিব আৰু নিজকে সুস্থ হ’বলৈ সময় দিয়ক।

৪) ছচিয়েল মিডিয়াত ফিল্টাৰ্ড হেপিনেছৰ পৰা আঁতৰি থাকক: সদায় হাঁহিমুখীয়া, সুখী, নিখুঁত জীৱনৰ ছবি চাই আপুনি ভাবিব পাৰে যে সকলোৰে অৱস্থা ভাল, কিন্তু আপোনাৰ জীৱনটোহে সমস্যাৰে ভৰি আছে। এই ধাৰণাটো একেবাৰেই সঠিক নহয়। তাৰ পৰা ওলাই যাওক।

৫) মনোবিজ্ঞানীৰ পৰা সহায় লবলৈ কুণ্ঠাবোধ নকৰিব: যদি আপুনি আপোনাৰ দুখ লুকুৱাই ৰাখে বা দমন কৰে, তেন্তে ই পিছলৈ এটা ডাঙৰ মানসিক সমস্যালৈ পৰিণত হ’ব পাৰে। মনোবিজ্ঞানীৰ পৰামৰ্শ লোৱাত কোনো লাজ নকৰিব।

Related News