সূৰ্যগ্ৰহণক লৈ বিভ্ৰান্তি! সোমবাৰে কেতিয়া হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ? ভাৰতত দেখা পোৱা যাবনে?

ফটোঃ সংগ্ৰহীত।

আজি ২০২৪ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। যিটো হৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। অৰ্থাৎ চন্দ্ৰৰ ছায়াই সূৰ্য্যটোক সম্পূৰ্ণৰূপে আৱৰি ধৰিব। যিটো দৃশ্যৰ সাক্ষী হ’বলৈ বহুদিন অপেক্ষা কৰিবলগীয়া হয়। সোমবাৰে কেতিয়া হ’ব সূৰ্যগ্ৰহণ, কেতিয়াৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈ কিমান সময়লৈ চলিব?

সোমবাৰৰ সূৰ্যগ্ৰহণক লৈ বিভিন্ন মাধ্যমত কিছু বিভ্ৰান্তিকৰ খৱৰ বিয়পি পৰিছে। ভাৰতত দৰাচলতে এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ কিবা প্ৰভাৱ পৰিবনে? এই সন্দৰ্ভতো কিছু বিভ্ৰান্তিমূলক তথ্য প্ৰচাৰ হোৱা দেখা গৈছে।

২০২৪ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ক’ৰ পৰা দেখা যাব? জ্যোতিৰ্বিজ্ঞানীসকলৰ তথ্য অনুসৰি ভাৰতৰ পৰা এই সূৰ্যগ্ৰহণ দেখা নাযায়। সেই অনুসৰি, হাৱাই, পলিনেছিয়া, উত্তৰ আমেৰিকাৰ বেছিভাগ অঞ্চল (আলাস্কাৰ বাহিৰে), মধ্য আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড আদি ঠাইৰ পৰা এই পূৰ্ণগ্ৰাস (সম্পূৰ্ণ) সূৰ্যগ্ৰহণ দেখা যাব।

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; জলবায়ু আৰু পৰিবেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা

কেতিয়া হ’ব সূৰ্যগ্ৰহণ? এষ্ট্ৰ’নমি চেণ্টাৰৰ তথ্য অনুসৰি সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১২ মিনিট ৩০ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। সেইদৰে, সোমবাৰে (ইংৰাজী মতে মঙলবাৰ) সূৰ্যগ্ৰহণৰ অন্ত পৰিব নিশা ২ বাজি ২২মিনিট ৩০ ছেকেণ্ডত (ভাৰতীয় সময় অনুসৰি)। কিন্তু সেই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব।

ইপিনে, ২০২৪ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২ অক্টোবৰত হ’ব। এষ্ট্ৰ’নমি চেণ্টাৰৰ তথ্য অনুসৰি বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণো ভাৰতৰ পৰা  দেখা নাযাব। পলিনেছিয়া (হাৱাই দ্বীপ), পশ্চিম মেক্সিকো, দক্ষিণ আমেৰিকাৰ দক্ষিণ অংশ, এন্টাৰ্কটিকা, দক্ষিণ জৰ্জিয়াৰ দৰে অঞ্চলৰ পৰা ইয়াক দেখা পোৱা যাব। ভাৰতীয় সময় অনুসৰি সেই সূৰ্যগ্ৰহণো আৰম্ভ হ’ব নিশা ৯ বজাৰ আশেপাশে।

আনহাতে, ১৮ ছেপ্টেম্বৰত আংশিক চন্দ্ৰগ্ৰহণ হ’ব। এষ্ট্ৰ’নমি চেণ্টাৰৰ তথ্য অনুসৰি এন্টাৰ্কটিকা, পশ্চিম ভাৰত মহাসাগৰ অঞ্চল, মধ্য-পূৱ আফ্ৰিকা, ইউৰোপ, আটলাণ্টিক মহাসাগৰ, আমেৰিকা (আলাস্কাৰ পশ্চিম দিশৰ বাহিৰে), পূব পলিনেছিয়াৰ কিছু অংশৰ পৰা চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ পৰা ইয়াক দেখা নাযাব।

লগতে পঢ়কঃ IPL 2024: মধুৰ প্ৰতিশোধেৰে বিজয়ৰ হেট্ৰিক; গুজৰাটৰ বেটিং অৰ্ডাৰত ধুমহাৰ সৃষ্টি কৰি লক্ষ্ণৌৰ মসৃন জয়

অৰ্থাৎ ২০২৪ চনত ভাৰতৰ পৰা কোনো ধৰণৰ গ্ৰহণ দেখা নাযাব। এষ্ট্ৰ’নমি চেণ্টাৰৰ মতে এইবাৰ ভাৰতত মুঠ দুটাকৈ সূৰ্যগ্ৰহণ হ’ব। আৰু এটা হ’ব চন্দ্ৰগ্ৰহণ। ভাৰতৰ পৰা কোনো এটা গ্ৰহণে দেখা পোৱা নাযাব।