• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন এৰি মহানগৰৰ প্ৰেমত মেকুৰীক বাঘ বোলা কাজিৰঙাৰ সঞ্চালক

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , December 23, 2018 10:46 am

2 min read

Akash Deep Boruah kaziranga national park

আকাশদ্বীপ বৰুৱা। ছবি- নৰ্থ ইষ্ট নাও।

473
VIEWS
Share on FacebookShare on Twitter

বন এৰি গুৱাহাটীৰ কংক্ৰিটৰ অৰণ্যত বাস কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱাক লৈ নিজ বিভাগতে সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ।

মেকুৰীকে বাঘ বুলি কৰা মন্তব্যৰে পূৰ্বে এবাৰ বিতৰ্কৰ আবৰ্তত সোমাই পৰা উদ্যান সঞ্চালক বৰুৱাই কাজিৰঙাৰ সলনি দিন কটাই গুৱাহাটীত, নহ’লে তেওঁৰ সময় যায় প্ৰমোদ ভ্ৰমণত।

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙাত যোৱা ১৫ ডিচেম্বৰত চোৰাং চিকাৰীৰ হাতত এটা গঁড় নিহত হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পৰতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়েই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামিলনাডুৰ কেদাৰৰ আই এফ এছগৰাকীৰ বিৰুদ্ধে।

শেহতীয়াকৈ উদ্যানখনত হৈ যোৱা দল হৰিণ আৰু জলচৰ পক্ষীৰ অতি গুৰুত্বপূৰ্ণ গণনা দুটাতো কাজিৰঙাত নাছিল সঞ্চালক বৰুৱা। সূত্ৰ মতে সঞ্চালকগৰাকীয়েই উদ্যানত অনুপস্থিত থকাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হয় বিভাগটো।

বিশ্বখ্যাত এশিঙীয়া গড়ৰ আৱাসভূমি তথা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ সুৰক্ষা আৰু পৰিচালনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব কনিষ্ঠ বিষয়াক সঁপি বিভিন্ন অজুহাতত নিজৰ কৰ্তব্যথলীৰ পৰা আঁতৰি থাকে বৰুৱা, দাবী বিভাগীয় সূত্ৰটোৰ।

কাজিৰঙাৰ বহু বনকৰ্মীয়ে তেওঁক আনকি সঞ্চালক হিচাপে চিনি নাপায়।

গুৱাহাটীৰ বাসিন্দা বৰুৱাই ২০১৭ চনত ডেপুটে’চনত কাজিৰঙাত সঞ্চালক হিচাপে যোগদান কৰিছিল৷

বিষয়াজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই বুলি জনাইছে বন মন্ত্ৰী শুক্লবৈদ্যই। কিন্তু চলিত তদন্তৰ প্ৰতিবেদনৰ পিছতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।

“মই শেহতীয়াকৈহে বন বিভাগৰ দায়িত্ব লৈছো। অলপ দিন আগতে তাত হোৱা গঁড় হত্যাৰ ঘটনাটো মই তদন্ত কৰিবলৈ দিছো আৰু সুৰক্ষাত বিফলতাৰ কাৰণ উলিয়াই সেইবোৰ ঠিক কৰিবলৈ কৈছো,” শুক্লবৈদ্যৰ মন্তব্য।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd