• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোচ ৰাজবংশীক পুনৰ ডি ভোটাৰ সজাই বিদেশীৰ জাননী,কোচ ৰাজবংশী জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
December 12, 2021 9:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা পশ্চিম বংগত থকা ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক সুসংগঠিত কৰি কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা দিয়া আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে গণতান্ত্ৰিক ভাবে কাম কৰি অহা কোচ ৰাজবংশী জাতীয় পৰিষদে দেওবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানী প্ৰাথমিক বিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৰ্মনৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টাদ্বয় সতীশ পাটগিৰি, প্ৰাণজিৎ ৰায়, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, প্ৰচাৰ সম্পাদক দেৱকুমাৰ বৰ্মন আৰু সদস্য প্ৰাণধৰ কোচ উপস্থিত থকা সাধাৰণ সভাই ৰাইজৰ বিপুল সমৰ্থনত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুজিৎ ৰায়ক সভাপতি, ৰাজকুমাৰ দাসক উপ সভাপতি, শ্ৰীবাস বৰ্মনক সাধাৰণ সম্পাদক, নিত্যানন্দ কোচ, নিপু পাঠক আৰু পবিত্ৰ বৰ্মনক সহকাৰী সাধাৰণ সম্পাদক, প্ৰাণধৰ কোচ, প্ৰদীপ কুমাৰ বৰ্মন, উমানন্দ ৰায় আৰু প্ৰভাত বৰ্মনক উপদেষ্টা হিচাবে লৈ ৩১ জনীয়া শালবাৰী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰে।

Apply Now

সভাত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টাদ্বয় সতীশ পাটগিৰি, প্ৰাণজিৎ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বক্তব্য ৰাখি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে কোচ ৰাজবংশী সকলোক জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে কাৰ্যকৰী নকৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

অসমৰ কোচ ৰাজবংশী সকলোক অতিশীঘ্ৰে জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী জনাই কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (আক্ৰাছু) প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কালপানীত সংবাদ মাধ্যমৰ সম্বোধন কৰি কয় যে যি সময়ত বিজেপি চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ পৰা নিৰ্যাতিত হৈ ভাৰতত অহা বিদেশী হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব দিবৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি ফিতাহি মাৰি বিদেশী হিন্দুুক স্বদেশী সজাব বিচাৰিছে, সেই সময়তে অসম চৰকাৰৰ সীমান্ত আৰক্ষীয়ে স্বদেশী ভূমিপুত্ৰ কোচ ৰাজবংশী লোকক ডি ভোটাৰ হিচাবে চিহ্নিত কৰাই নহয় সেহতীয়াকৈ বাক্স জিলাৰ অন্তৰ্গত শালবাৰী মহকুমাৰ বৃহত্তৰ কালপানী অঞ্চলৰ ১৭ জনতকৈ অধিক কোচ ৰাজবংশী লোকক বিদেশী বুলি সন্দেহ কৰি বিদেশী ন্যায়াধীকৰণ আদালতৰ জৰিয়তে বিদেশী জাননী জাৰি কৰি হাৰাশাস্তি কৰাতো অতি দুৰ্ভাগ্যজনক।

বিশ্বজিৎ ৰায়ে অসম চৰকাৰৰ এই কাৰ্যক ধিক্কাৰ দি অতিশীঘ্ৰে কোচ ৰাজবংশীৰ ওপৰত বিদেশী সজাই হাৰাশাস্তি কৰা বন্ধ কৰি ডি ভোটাৰ সকলোক ভাৰতীয় নাগৰিক হিচাবে স্বীকৃতি দিবলৈ দাবী জনোৱাৰ লগতে কোচ ৰাজবংশী সকলোক ডি ভোটাৰ সজাই বিদেশী জাননী জাৰি কৰা সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ স্পষ্টীকৰণ দিবলৈ আহ্বান জনাই কালপানীৰ ৰাজহুৱা ঠাইত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত প্ৰতিবাদ কৰে ৷

কোচ ৰাজবংশী সকলোৰ ওপৰত কৰি অহা চৰকাৰী নিৰ্যাতন বন্ধ নকৰিলে কোচ ৰাজবংশী জাতীয় পৰিষদে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে অচিৰেই অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কোচ ৰাজবংশী জাতীয় পৰিষদ বাধ্য হব বুলি অসম চৰকাৰক সকীয়াই দিয়ে ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd