নামটো দৰ্শক ৰাইজৰ বাবে কিছু পৰিচিত, কিছু অপৰিচিত কিম্বা আশ্চৰ্যজনক। হয়, আজি ‘কক কক ককক’ৰ বিষয়েই লিখিবলৈ লৈছোঁ। ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰতিযোগিতালৈ “মোৰ ঘোঁৰাৰ দুৰন্ত গতি” চুটি ছবিখনৰে অসমৰ পৰা দেশৰ প্ৰাৰম্ভিক বাছনিত উঠা একেগৰাকী পৰিচালক-কাহিনীকাৰৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি হৈছে ‘কক কক ককক’। পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল। পৰৱৰ্তী সময়ত কেৰালা, ঢাকা, ভুৱনেশ্বৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ লগতে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈয়ো এই ছবিখন মনোনীত হৈছিল। ‘কক কক ককক’ৰ ৰচনা, চিত্ৰনাট্য আৰু সংলাপ মহৰ্ষি তুহিন কাশ্যপৰ। ৬২ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা মহৰ্ষি তুহিন কাশ্যপৰ আৰু প্ৰযোজনা কৰিছে এম এম নাজমুল হকে।
কলামোদী দৰ্শকে যাদুকৰী বাস্তৱবাদ বা মেজিকেল ৰিয়েলিটিৰ (Magical Reality) চিনেমা নিশ্চয়কৈ চাইছে। ‘কক কক ককক’ও তেনে এখন ছবিয়েই। ছবিখনৰ আৰম্ভণি হয় নুৰে (ছবিখনৰ মুখ্য চৰিত্ৰ) এন্ধাৰত বাঁহৰ বেৰৰ জলঙাৰে বাহিৰলৈ চাই থকাৰ দৃশ্যৰে। নিশাৰ এন্ধাৰত নুৰে কিহবালৈ অপেক্ষা কৰে। নুৰ এজন মুৰ্গী বেপাৰী, যাৰ এখন আৰ-এক্স হাণ্ড্ৰেড (RX 100) বাইক আছে আৰু আছে এটি মুৰ্গী। সেই দুটাই নুৰৰ জীৱন সদৃশ। প্ৰধানতঃ বাইকখন। মুৰ্গীটো কান্ধত লৈ বাইকখন চলাই নুৰ কামলৈ ওলাই যায়। নুৰে বাঁহৰ জলঙাৰে চাই অপেক্ষা কৰি থকাৰ নিশাই কোনোবা এজনে তেওঁৰ বাইকখন লৈ গৈছিল আৰু প্ৰায় মাজৰাতি উভতাই দি যায়। নুৰৰ সন্দেহ হয় যে সেই মানুহজনে বাইকখনেৰে কৰবাত কোনো দুৰ্ঘটনা সংঘটিত কৰি আহিছে। পিছদিনা বৰনৈৰ পাৰলৈ নি নুৰে বাইকখন ধুৱায়। বাইকখনৰ লগত কথা পাতে— নুৰৰ বাইকখনৰ সৈতে থকা একাত্মতা এইখিনিতে প্ৰকাশ পায়।
নুৰে বাটত বাইক চলাই আহোঁতে এগৰাকী ছুডানৰ যুৱতীক (আবেবে) লগ পায়, লগ পায় মানে যুৱতীগৰাকীয়ে নুৰক “চিকেন চিকেন” বুলি মাতে। নুৰে এপলক চাই আঁতৰি যায়। সেই বিদেশী নাৰীগৰাকীয়ে এখন বুটিকত কাম কৰে। তাই নুৰৰ পৰা এটি সন্তান বিচাৰে। নুৰে এদিন তাইক বাইকত তুলি নদীৰ পাৰলৈ লৈ যায়। দুয়ো দুয়োৰে নিজা ভাষাত কথা পাতে। পৰস্পৰে নিজৰ দুখ-যন্ত্ৰণাৰ গাথা তুলি ধৰে পৰস্পৰৰ আগত। এইখিনি সময়ত নদীৰ পাৰৰ এজোপা লঠঙা গছক প্ৰতীকীৰূপত দৰ্শোৱা হৈছে। নুৰে নাতিদূৰৈত নিজৰ বাইকখন সাৱটি ধৰি কান্দিবলৈ ধৰে। এনে লাগে যেন নুৰ মানুহগৰাকী বা নাৰীগৰাকীৰ সংগতকৈয়ো অধিক আকৰ্ষিত বা একাত্ম নিজৰ বাইকখনৰ লগতহে! হয়ো, নুৰ বিপৰ্যস্ত, বিপৰ্যস্ত ছুডানৰ নাৰীগৰাকীও। সমগ্ৰ ছবিখনতেই মুখ্য চৰিত্ৰৰ লগতে নাৰীগৰাকীও যে শোষিত, নিষ্পেষিত সেয়া প্ৰদৰ্শিত হৈছে।
আধিভৌতিকভাৱে নুৰে বাইকখনৰ লগতেই একাত্ম হৈ থাকে। সমান্তৰালভাৱে নুৰৰ মনত ভয়-শংকা চলি থাকে যে বাইকখনেৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে আৰক্ষীয়ে আহি তাক আৰু বাইকখন ধৰিব। অৱশেষত নুৰৰ বাইকখন হেৰায়। এইখিনিৰ পৰাই নুৰৰ জীৱনে অন্য এক দিশ লয়। বাইকবিহীন নুৰে নিজৰ আটাইতকৈ আপোন বাইকখন হেৰুৱাই কি কৰে, কিমানলৈকে আগবাঢ়ে— তাক লৈয়েই এই চিনেমাখন।
‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ত মুখ্য চৰিত্ৰটোৰ জৰিয়তে এজন মানসিক ৰোগীৰ মনোদশা দেখুওৱা হৈছিল বুলি মই অনুভৱ কৰিছিলোঁ। ‘কক কক ককক’তো একেধৰণৰেই মানসিক অৱস্থাক দৰ্শোৱা হৈছে বুলি অনুভৱ হ’ল। হয়তো কাহিনীকাৰ-পৰিচালকৰ মনস্তাত্বিক তথা যাদুকৰী বাস্তৱবাদী ধাৰাৰ ছবিৰ প্ৰতি বিশেষ আকৰ্ষণ আছে। ছবিখনৰ আৰম্ভণিৰে পৰা কাহিনীৰ গতি সাৱলীল। কাহিনীকাৰ-পৰিচালকক এইখিনিতে প্ৰশংসা কৰিবই লাগিব। এখন সু-সংৰচিত চিত্ৰনাট্যৰে ‘কক কক ককক’ক সুন্দৰকৈ আগুৱাই লৈ গৈছে কাহিনীকাৰ তথা পৰিচালকে। সিংখানু মাৰ্মাৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ, লগতে ভাল হৈছে ছবিখনৰ সম্পাদনা।
এতিয়া আহিছোঁ ছবিখনৰ অভিনয়ৰ দিশলৈ। মুখ্য চৰিত্ৰ নুৰৰ ভূমিকাত ৰাজু ৰয়ৰ অভিনয় অতুলনীয়। ছবিখনত তেওঁৰ সংলাপ খুবেই কম। দেহ-ভংগীমাৰে যি অভিনয় কৰিছে সেয়া উচ্চ প্ৰশংসনীয়। ছবিখনৰ ৬২ মিনিট অলপো আমনি নলগাকৈ পাৰ হয়। বাস্তৱৰ মাজত অবাস্তৱৰ চিত্ৰায়ণ অতি সুন্দৰকৈ কৰা হৈছে ‘কক কক ককক’ত।
ই-মেইল: [email protected]





