দুই জনজাতীয় কিশোৰীক ধৰ্ষণ আৰু হত্যা, আদালতত দাখিল ৮৫০ পৃষ্ঠাৰ অভিযোগনামা

rhinoo

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা দুই জনজাতীয় কিশোৰীৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত অৱশেষত আৰক্ষীয়ে আজি আদালতত ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে ।

উল্লেখ্য যে যোৱা ১১ জুনত আবেলিৰ ভাগত দুই জনজাতীয় নাৱালিকাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা কৰাটো প্ৰাথমিক তদন্তত ওলাই পৰাত ১২ জুনত জিলাখনৰ  অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ অধ্যক্ষতাত এচআইটি গঠন কৰা হয় আৰু এচআইটিয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে ।

ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীৰ পৰিয়ালৰ খবৰ লবলৈ উপস্থিত হোৱাৰ লগতে আৰক্ষীক তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে । আজি তাৰেই পৰিণতিত আদালতত ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে ।

আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত হোৱা এক সংবাদমেলত বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইৱে কয় যে চিআইটিয়ে ক্ষিপ্ৰগতিৰে তদন্ত সম্পন্ন কৰাৰ অন্তত সকলো বিষয় সাঙুৰি আজি আদালতত ৮৫০ পৃষ্ঠাৰ চুড়ান্ত অভিযোগনামা দাখিল কৰে কোকৰাঝাৰ আৰক্ষীয়ে ।

মুল অভিযুক্ত ক্ৰমে জিলাখনৰে শালবাৰীৰ মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ) আৰু ফৰিজুল ৰহমান(২২)ৰ বিৰুদ্ধে ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পিছত আইনমতে তেওঁলোকৰ শাস্তি হব বুলি আশা প্ৰকাশ কৰিছে বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইৱে ।

তদুপৰি আজিৰে পৰা আদালতসমূহ খোল খোৱাত গোচৰটো ফাষ্টট্ৰেক আদালতত বিচাৰধীন হব বুলিও আশা প্ৰকাশ কৰিছে ড° এল আৰ বিষ্ণইৱে ।

উল্লখ্যে যে  তদন্তকালত আৰক্ষীয়ে বৰপেটাস্থিত ফকৰুদ্দিন আলি চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা ১২ টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰিছিল আৰু নাৱালিকা দুগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি প্ৰমাণিত হৈছিল ।

ধৰ্ষণৰ বলি হোৱাৰ পিছত কিশোৰীদ্বয়ে পৰিয়াল তথা ৰাইজক সমগ্ৰ ঘটনা অৱগত কৰাৰ ভাবুকি দিয়াত মুল তিনি অভিযুক্তই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি  নাৱালিকা দুগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ওৰণি দুফাল কৰি দুয়োগৰাকী কিশোৰীকে আম গছত ওলোমাই ৰাখিছিল বুলিও তিনি মুল অভিযুক্তই স্বীকাৰোক্তি প্ৰদান কৰিছিল ।

প্ৰায় তিনিমাহৰ ভিতৰত আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰাত মুল তিনি অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ) আৰু ফৰিজুল ৰহমান(২২)ক আদালতে কঠোৰ শাস্তি বিহিব বুলি আশা প্ৰকাশ কৰা থৈছে ।

আজিৰ সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে , অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু , কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে , পৰিদৰ্শক ভাস্কৰ বসুমতাৰী  উপস্থিত আছিল ।

প্ৰণিধানযোগ্য যে আজি আৰক্ষীয়ে অভিযোগনামাৰ লগতে ঘটনাস্থলীৰ ট্ৰেচ মেপ পৰ্যন্ত দাখিল কৰে । কোনো ধৰণৰ সুৰঙা নৰখাকৈ আদালতত আৰক্ষীয়ে ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাত পৰবৰ্তী পৰ্যায়ত আদালতে তিনি অভিযুক্তক কেনে শাস্তি ঘোষণা কৰে সেয়া লক্ষ্যণীয় হব ।