NORTHEAST NOW (Assamese)

অনুকৰণীয়! জানো আহক ৫২ বছৰীয়া এগৰাকী মহিলা মেকানিকৰ বিষয়ে

March 9, 2025 9:26 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 9, 2025 9:27 am

গেৰেজেৰে পৰিপূৰ্ণ এখন চহৰত কলকাতাত এখন অটো মেৰামতিৰ গেৰেজ আছে। এই গেৰেজটোক বিশেষ কৰি তোলা কথাটো হল দিনে-নিশাই অক্লান্তভাৱে কাম কৰা ৫২ বছৰীয়া মহিলা মেকানিক সোণালী মিষ্ট্ৰীৰ উপস্থিতি। তেওঁ সমগ্ৰ চহৰখনৰ এই বৃত্তিৰ একমাত্ৰ নাৰী আৰু সকলোৱে সোণালীক মৰমেৰে ‘মেকানিক দিদি’ বুলি অভিহিত কৰে।

পুৰুষ প্ৰধান এই ক্ষেত্ৰখনত সোণালীৰ যাত্ৰা আৰম্ভ হৈছিল ২৬ বছৰ আগতে, যেতিয়া তেওঁ ৰেঞ্চ, এক্সলৰ সঁজুলি, চকেট, আৰু অন্যান্য সঁজুলিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। দৰিদ্ৰতা আৰু কষ্টৰ সন্মুখীন হৈয়ো সোণালী এগৰাকী দক্ষ মেকানিক হিচাপে পৰিগণিত হৈ পৰিছে।

সোণালীৰ বৈবাহিক জীৱনত আৰম্ভণিৰে পৰাই দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰামৰ সৃষ্টি হৈছিল। স্বামী শংকৰৰ পৰা মেৰামতিৰ কাম শিকাত ক্ৰমান্বয়ে এই বৃত্তিটোৰ প্ৰতি আকৰ্ষণ গঢ়ি তুলিছিল। প্ৰথম অৱস্থাত শিকণৰ কামৰ সৈতে ঘৰুৱা কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও শেষত তেওঁ নিজকে খাপ খুৱাই লৈছিল।

সোণালী আৰু শংকৰে মিলি টকা সঞ্চয় কৰি আনোৱাৰ শ্বাহ ৰোডত নিজৰ গেৰেজ খুলিলে। আনুষ্ঠানিক শিক্ষা সম্পূর্ণ নকৰাৰ পাছতো সোণালীয়ে নিজৰ সন্তানক ভাল শিক্ষা দিয়াৰ বাবে অহোপুৰষাৰ্থ কৰিলে৷

সোণালীৰ সপোন এটা প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা য‘ত তেওঁ যান্ত্ৰিক বিষয়ত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী সৰু ল’ৰা-ছোৱালীক লালন-পালন কৰিব পাৰিব। সোণালীয়ে নিজৰ দক্ষতা আৰু বিশেষজ্ঞতাক পৰৱৰ্তী প্ৰজন্মৰ সৈতে ভাগ-বতৰা কৰিব বিচাৰে, তেওঁলোকক এই ক্ষেত্ৰত সফল হবলৈ শক্তিশালী কৰি তুলিব বিচাৰে।

Related News