আস্থা ভোটত পৰাজিত হোৱাৰ পিছতো তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে

oli

ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা নেপালত আজি কে পি শৰ্মা অলিয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে।

নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে আজি কে পি শৰ্মা অলিক দেশ খনৰ নতুন প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰোৱায়।

উল্লেখ্য মাত্ৰ কেইদিন মানৰ পূৰ্বে নেপালৰ সংসদত কে পি শৰ্মা অলিয়ে আস্থা ভোটত পৰাজিত হোৱাৰ পিছতো আজি তেওঁ প্ৰধানমন্ত্ৰী হিচাবে শপতগ্রহণ কৰে।নেপালৰ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰি ব পৰাৰ জোখাৰে সাংসদ গোটাই ল’ব নোৱাৰাৰ পৰিণতিতে কে পি শৰ্মা অলিয়ে দেশ খনৰ প্ৰধানমন্ত্ৰী হিচাবে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিবলৈ সক্ষম হয়।

নেপালৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে জনপ্ৰতিনিধি আইনৰ ৭৮(৩) ধাৰা অনুসৰি কে পি শৰ্মা অলিক দেশ খনৰ প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ দিয়া হৈছে।

অৱশ্যে অলিয়ে ৩০ দিনৰ ভিতৰত সংসদত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।

উল্লেখ্য কে পি শৰ্মা অলিয়ে পূৰ্বে ২০১৫ চনৰ ১১ অক্টোৱৰৰ পৰা ২০১৬ চনৰ ৩ আগষ্ট আৰু ২০১৮ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ২০২১ চনৰ ১৩ মে’ পৰ্যন্ত প্ৰধানমন্ত্ৰী হিচাবে নিযুক্ত হৈ আছিল।

নেপালৰ সংসদত সংখ্যগৰিষ্ঠতাৰ বাবে ১৩৬ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন।