“নাছা”ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত বৰপেটাৰ কৃশাংগী কাশ্যপ

“নাছা”ৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত অহা ১১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া “55th Lunar and Planetary Science Conference (LPSC 55) 2024” ত যোগদানৰ বাবে সুযোগ লাভ কৰিছে বৰপেটাৰ মেধাৱী ছাত্ৰী তথা আই আই টি ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰী কৃশাংগী কাশ্যপে ৷

বৰপেটাৰ কৃশাংগী কাশ্যপ নামৰ মেধাৱী ছাত্ৰী গৰাকী ভাৰতৰ পৰা এই সুযোগ লাভ কৰিছে।

লগতে পঢ়কঃ ৰাঁচী টেষ্টতো পৰাজিত চাহাবৰ দল ইংলেণ্ড; যুৱ শক্তিৰ পৰাক্ৰমেৰে ছিৰিজ দখল টীম ইণ্ডিয়াৰ

জানিব পৰা মতে, কৃশাংগী কাশ্যপে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰত চলাই থকা গৱেষণাৰ অংশ হিচাপে প্ৰস্তুত কৰি উলিওৱা “Surface and Subsurface Regolith Charaterization of Lunar South Pole using Chandrayaan-2 Dual-Frequency Synthetic Aperture Radar (DFSAR) শীৰ্ষক নিবন্ধটো NASA ৰ অধীনত থকা Lunar and Planetary Institute (LPI)ৰ  ৱেবচাইটত প্ৰকাশ পাইছে।

ছাত্ৰীগৰাকীৰ এই সফলতাত পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী ৷

উল্লেখ্য যে, মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে অতি সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্ৰতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন চলাই গৈছে ৷

লগতে পঢ়কঃ ৰাজ্যত বন্ধ হ’ব ৭৯ খনকৈ মহাবিদ্যালয় – নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে আই আই টি ইন্দোৰত অধ্যয়ন কৰি আছে ছাত্ৰীগৰাকী ৷ বৰপেটা নিবাসী পাঠশালাৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃশাংগী কাশ্যপে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে এক প্ৰত্যাহ্বানমূলক গৱেষণা চলাই আছে ৷ জানিব পৰা মতে এই গৱেষণা প্ৰায় সমাপ্ত হোৱাৰ পথত ৷