NORTHEAST NOW (Assamese)

মণিপুৰত যাত্ৰীবাহী বাছত ডকাইতি কুকি উগ্ৰপন্থীৰ

November 25, 2019 3:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কুকি ৰিভলুশ্যনাৰী আৰ্মি (কে আৰ এ)ৰ চাৰিজনীয়া কেডাৰৰ এটা দলে দেওবাৰে নিশা মণিপুৰৰ সেনাপতি জিলাৰ তফৌত ইম্ফল অভিমুখি এখন যাত্ৰীবাহী বাছত ডকাইতি কৰে।

কে আৰ এৰ কেডাৰে ডকাইতি কৰা যাত্ৰীবাহী বাছখন ডিমাপুৰৰ পৰা ইম্ফল অভিমুখে যাত্ৰা কৰি আছিল।

বাছখনত থকা যাত্ৰীসকলে আৰক্ষীক জনোৱা মতে, কে আৰ এৰ সদস্য সকলে প্ৰথমে বাছখনক ৰবলৈ নিৰ্দেশ দিয়ে আৰু বাছখন ৰোৱাৰ পাছত বাছৰ ভিতৰত প্ৰবেশ কৰি ড্ৰাইভাৰক তেওঁৰ হাতত থকা টকাখিনি উগ্ৰপন্থী দলোটক দিবলৈ কয়।

আনহাতে, যেতিয়া বাছৰ ড্ৰাইভাৰ গৰাকীয়ে টকা দিবলৈ অস্বীকাৰ কৰে তেতিয়া অস্ত্ৰধাৰী উগ্ৰপন্থী দলটোৱে হাতত থকা অস্ত্ৰৰে ড্ৰাইভাৰজনক আক্ৰমণ কৰে আৰু বাছখনত থকা যাত্ৰীসকলৰ লগত থকা সামগ্ৰী লুটপাত কৰি লৈ যায়।

একাংশ বাছযাত্ৰীয়ে ডকাইতি সংঘটিত হোৱা স্থানৰ ওচৰত থকা কৰ কাৰ্য্যালয়ত আৰক্ষীৰ দল পহৰাত আছিল যদিও তেওঁলোকে ঘটনা সন্দৰ্ভত কোনোধৰণৰ খবৰ লাভ নকৰিলে বুলি উল্লেখ কৰে।

Related News