ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰ থকা প্ৰথমগৰাকী মহিলা; কোন তেওঁ জানেনে?

393091_2921283_updates

কাইলি জেনাৰ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত মহিলা হিচাপে প্ৰথম ৩০ কোটি ফলোৱাৰৰ অভিলেখ গঢ়িছে কাইলি জেনাৰে।

বৰ্তমান মাত্ৰ ২৪ বছৰীয়া জনপ্ৰিয় মডেল তথা কাৰ্দাছিয়ান পৰিয়ালৰ সদস্যগৰাকী একাউন্টৰ তথ্য মতে বৰ্তমান তেওঁৰ ফলোৱাৰৰ সংখ্যাই ৩০ কোটি ১০লাখ অতিক্ৰম কৰিছে।

এইক্ষেত্ৰত তেওঁ পপ তাৰকা আৰিয়ানা গ্ৰন্দকো অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে আৰিয়ানাই আছিল ইনষ্টাগ্ৰামত সৰ্বাধিক জনপ্ৰিয় নাৰী। তেওঁৰ একাউন্টত বৰ্তমান ফলোৱাৰৰ সংখ্যা হৈছে ২৮ কোটি ৯০লাখ।

ইপিনে, সামগ্ৰিকভাৱে ইনষ্টাগ্ৰামত এতিয়াও আটাইতকৈ বেছি ফলোৱাৰ থকা ব্যক্তিগৰাকী হৈছে ফুটবল তাৰকা ক্ৰিশ্চিয়ানো ৰোনাল্ডো। তেওঁৰ ফলোৱাৰৰ সংখ্যা হৈছে ৩৯কোটি।

লগতে পঢ়ক: মাত্ৰ ৩ মিনিটত সামান্থাই ল’লে ৫কোটি টকা! কথাটো কি?

এইক্ষেত্ৰত আন এগৰাকী ফুটবল তাৰকা লিঅ’নেল মেছিয়ে ৩০কোটি ফলোৱাৰৰ সংখ্যাৰে কাইলি জেনাৰৰ পাছতে আছে।

কাইলি জেনাৰে তেওঁৰ প্ৰসিদ্ধ ভগ্নী কিম, কোৰ্টনি আৰু ক্লোই কাৰ্দিছিয়ানৰ সৈতে ‘কীপীং আপ উইথ দ্য কাৰ্দিছিয়ানছ’ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰি প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছে।

জনপ্ৰিয় মডেলগৰাকীয়ে পাছত ‘কাইলি কছমেটিকছ’ নামেৰে এটা মেক আপ কোম্পানীও আৰম্ভ কৰে।  

কাইলিৰ বাহিৰেও তেওঁ ভগ্নী কিম, কেণ্ডল জেনাৰ আৰু ক্লোই কাৰ্দাছিয়ানো ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় একাউন্টসমূহৰ তালিকাত আছে।

ইয়াৰ ভিতৰত কিমে ২৭কোটি ৯০লাখ ফলোৱাৰেৰে অষ্টম স্থানত, কেণ্ডলে ২১কোটি ৩০ লাখ ফলোৱাৰেৰে ১১নং স্থানত আৰু ক্লোইয়ে ২১কোটি ২০ লাখ ফলোৱাৰেৰে ১২নং স্থানত আছে।

আনহাতে, ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় মহিলাসকলৰ মাজত আছে ছেলেনা গোমেজ, বিয়ন্সে আৰু টেইলৰ ছুইফ্ট।