ব্ৰিটেইনত লেবাৰ পাৰ্টিৰ নিৰংকুশ জয়; ঋষি সুনকৰ বিদায়, নতুন প্ৰধানমন্ত্ৰী হ’ব কেইৰ ষ্টাৰ্মাৰ

ফটোঃ সংগ্ৰহীত।

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই নিৰ্বাচনত ইতিমধ্যে বিৰোধী লেবাৰ পাৰ্টিয়ে নিৰংকুশ বিজয় নিশ্চিত কৰিছে। আনহাতে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ দল কনজাৰ্ভেটিভ পাৰ্টি নিৰ্বাচনত পৰাস্ত হৈছে।

অৱশ্যে নিৰ্বাচনোত্তৰ সমীক্ষাত ইতিমধ্যে কনজাৰ্ভেটিভ দলৰ ‘ঐতিহাসিক পৰাজয়’ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। যদি সকলো ঠিকে থাকে তেন্তে বাওঁপন্থী লেবাৰ পাৰ্টিৰ নেতা কেইৰ ষ্টাৰ্মাৰ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব।

বাতৰি অনুসৰি, পুৱা ১০:৩০ বজালৈকে বিৰোধী লেবাৰ পাৰ্টিয়ে লাভ কৰিছে ৩৩২খন আসন। ইয়াৰ বিপৰীতে কনজাৰ্ভেটিভ পাৰ্টিয়ে মাত্ৰ ৭০খন আসন লাভ কৰে। আনহাতে, লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে ৪৪খন আসন লাভ কৰে।

লগতে পঢ়কঃ পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

উল্লেখ্য যে ২০২৪ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী ঋষি সুনাকে আগতীয়াকৈ নিৰ্বাচন ঘোষণা কৰাৰ পিছত বৃহস্পতিবাৰৰ পৰা (৪ জুলাই) ব্ৰিটেইনত সাধাৰণ নিৰ্বাচন আৰম্ভ হয়। ব্ৰিটেইনৰ সংসদৰ ৬৫০খন আসনত স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল আৰু নিশা ১০ বজালৈকে ভোটগ্ৰহণ চলিছিল।

ব্ৰিটেইনত যিকোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ এককভাৱে ৩২৬খন আসন লাভ কৰিব লাগিব। এই নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে ইতিমধ্যে সেই মাইলৰ খুঁটি অতিক্ৰম কৰিছে।