লাডাখ বিবাদ : ‘ৰাজনৈতিক আৰু কূটনৈতিকভাৱে সক্ৰিয় হোৱা উচিত ভাৰত’; মালিক

index-12-750x375

লাডাখৰ ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন সেনাৰ সংঘৰ্ষত দুয়ো পক্ষৰ সেনা মৃত্যু হোৱাৰ লগে লগে চীনৰ সামৰিক আৰু অসামৰিক সকলো পক্ষই অত্যধিক সৰৱ হৈ উঠিছে।

তাৰ তুলনাত কিন্তু ভাৰত তেনেই নিস্তেজ আৰু নীৰৱ।

ৰাজনৈতিকভাৱে চীন অতি সক্ৰিয় হৈ উঠিছে যদিও ভাৰত এতিয়াও নিষ্ক্ৰিয় হৈ থকা পৰিলক্ষিত হৈছে।

চীনৰ চৰকাৰী সংবাদ মাধ্যমত চীন বৈদেশিক মন্ত্ৰালয়ৰ লগতে মুখ খুলি লাডাখ সংঘৰ্ষৰ সম্পৰ্কতে বিবৃতিও প্ৰদান কৰিছে চীনা সৈন্যৰ ৱেষ্টাৰ্ণ কামাণ্ডাৰে।

লগতে পঢ়ক : সোমবাৰে নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰত-চীন সৈন্যৰ মাজত?

ইয়াৰ বিপৰীতে ভাৰতীয় সেনাৰ প্ৰাথমিক স্তৰৰ এটা বিবৃতিৰ বাদে সামৰিক আৰু চৰকাৰী দুয়ো পক্ষ তেনেই নীৰৱ।

আনকি লাডাখ সম্বন্ধে বিৰোধীয়ে বাৰম্বাৰ কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰাও বিৰত আছে ভাৰতৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ।

ভাৰতৰ এই নীৱতাত ক্ষুব্ধ হৈ উঠিছে ভাৰতৰ প্ৰাক্তন স্থল সেমাধ্যক্ষ বেদপ্ৰকাশ মালিক।

এটা টিভি চেনেলত দিয়া সাক্ষাৎকাৰত প্ৰাক্তন সেনাধ্যক্ষ গৰাকীয়ে কয় যে সেনা বাহিনীক নিজৰ ঠাইত ঠিকেই মোতায়েন কৰা হৈছে যদিও তেওঁলোকৰ ভূমিকা অতি সীমিত।

লগতে পঢ়ক : ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

প্ৰাক্তন সেনা প্ৰধান গৰাকীৰ এই মন্তব্যই ভাৰতৰ ৰাজনৈতিক তথা কূটনৈতিক বিফলতাকে উদঙাই দিছে।

তেওঁ লগতে কয় যে এই সময়ত ভাৰতে ৰাজনৈতিক আৰু কূটনৈতিকভাৱে সক্ৰিয় হোৱা উচিত।

এতিয়া পৰিকাঠামো যথেষ্ঠ উন্নত হৈছে আৰু প্ৰধানমন্ত্ৰীৰ পৰা বৈদেশিক মন্ত্ৰালয়লৈকে ততালিক খবৰ প্ৰেৰণ কৰিব পাৰি। তেনে অৱস্থাত ৰাজনৈতিক তথা কূটনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশত বিলম্ব কৰাৰ উচিত নহয়।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সংঘাত সন্দৰ্ভত বিৰোধীক কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

চীনে নিয়্ন্ত্ৰণ ৰেখা উলংঘন কৰিছে বুলি দাবী কৰি প্ৰাক্তন সেনা প্ৰধান গৰাকীয়ে কয় যে চীনে ভাৰতক নিয়ন্ত্ৰণ ৰেখাৰ সমান্তৰালভাৱে পথ নিৰ্মাণতো বাধা দি আহিছে।

দুই দেশৰ সেনাৰ বিগ্ৰেডিয়াৰ পৰ্যায়ৰ বৈঠকে সীমান্তৰ উত্তেজনা নিৰসন কৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া ফলপ্ৰসূ হোৱা নাই।

“সেনা বাহিনী স্তৰৰ আলোচনাৰ দ্বাৰা সীমান্তৰ বিবাদ নিষ্পত্তি কৰা সম্ভৱো নহয়। বৰং এই পৰ্যায়ৰ আলোচনাত সীমাৱদ্ধাতাহে আছে।” এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন স্থল সেনা প্ৰধান গৰাকীয়ে।

“সেনাৰ কাম প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখা ৰক্ষা কৰা। সেনাৰ পক্ষে নিয়্ন্ত্ৰণ ৰেখা পৰিৱৰ্তন সম্ভৱ নহয়। এই বিষয়টোত ৰাজনৈতিক আৰু কূটনৈতিকভাৱে সক্ৰিয় হোৱা উচিত।” তেওঁ কয়।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘৰ্ষত ৪৩ জন চীনা সৈন্য নিহত!