• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোমবাৰে নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰত-চীন সৈন্যৰ মাজত?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2020 11:00 am
soldiers-1002_1920-770x463

প্ৰতিনিধিত্বমূলক ফ'টো, উৎস-ইন্টাৰনেট

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখ সীমান্তৰ গালৱান উপত্যকাত যোৱা সোমবাৰে নিশা ভাৰত আৰু চীন সৈন্যৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত দুই দেশৰে সেনাবাহিনীৰ লোক নিহত হৈছে।

ভাৰতৰ এজন কৰ্ণেলসহ ২০ গৰাকী সেনা জোৱান নিহত হোৱাৰ বিপৰীতে চীনা সংবাদ মাধ্যমে ৪৩ জন চীনা সৈন্য নিহত হোৱা বুলি দাবী কৰিছে।

Apply Now

আচলতে কি ঘটিছিল সোমবাৰে নিশা সীমান্তৰ গালৱান উপত্যকাত?

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘৰ্ষত ৪৩ জন চীনা সৈন্য নিহত!

যোৱা মে’ মাহৰ পৰাই ভাৰত-চীন সীমান্তৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাই আহিছে।

ভাৰতে দাবী কৰিছে যে ইতিমধ্যে চীনা সৈন্যই ৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতৰ ভূখণ্ডৰ ভিতৰলৈ সোমাই আহি চীনা সেনাৰ ছাউনী পাতিছে।

১০ হাজাৰো অধিক পদাতিক সৈন্যক চীনে সীমান্তত মোতায়েন কৰিছে। মৰ্টাৰৰ লগতে টেংক আদি সীমান্তত সজ্জিত কৰাৰ লগতে নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰি আহিছে।

ইয়াৰ লগে লগে ভাৰতেও সীমান্তত সৈন্য মোতায়েন কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ ফলত লাডাখ সীমান্তৰ গালৱান উপত্যকাত চৰম উত্তেজনাই বিৰাজ কৰে।

উত্তেজনা প্ৰশমনৰ বাবে নতুন দিল্লী আৰু বেইজিঙে সেনা বাহিনীক দায়িত্ব অৰ্পণ কৰে।

স্বাভাৱিকতেই এয়া ভাৰতৰ কূটনৈতিক বিফলতা!

লগতে পঢ়ক : ৮ কিলোমিটাৰ ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে চীনা সৈন্যই : অস্বীকাৰ কৰা নাই নতুন দিল্লীয়ে

ভাৰতীয় সৈন্য আৰু চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ মাজত লাডাখ সীমান্তত বিগ্ৰেডিয়াৰ পৰ্যায়ৰ ১০ দিনীয়া বৈঠক আহ্বান কৰা হয়।

যোৱা ৫ জুনৰ পৰা এই বৈঠক আৰম্ভ হয়।

উক্ত বৈঠকসমূহত কিছু ঐক্যমতত উপণীত হোৱাৰ ফলত দুয়োপক্ষই সীমান্তত মোতায়েন কৰা নিৰ্দিষ্ট পৰিমাণৰ সেনা প্ৰত্যাহাৰ কৰে।

সীমান্তৰ পৰা চীনা টেংকাৰ আৰু মৰ্টাৰসমূহ উঠাই নিয়াৰ দাবী উত্থাপন কৰিছে ভাৰতীয় সেনাই।

আনপিনে ভাৰতীয় সেনাই দাবী কৰে যে উপগ্ৰহত তিব্বতৰ বিমান বন্দৰত চীনে যুঁজাৰু বিমান সষ্টম কৰি ৰখাৰ দৃশ্য ধৰা পৰিছে আৰু সেইসমূহ তাৰ পৰা ঘূৰাই নিব লাগে।

ইৰাৰোপৰি ভাৰতে দাবী কৰি আহিছে যে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা চীনা সৈন্য উভতি যোৱাৰ লগতে চীনা সেনাৰ ছাউনীসমূহ উঠাই নিব লাগে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা : অব্যাহত আছে সেনাৰ বৈঠক

যোৱা সোমবাৰে নিশা দুই পক্ষৰ সেনা বিষয়াৰ বৈঠক অন্ত পৰাৰ পিছত ভাৰতীয় সেনাৰ কৰ্ণেল সন্তোষ বাবুৱে ৫০ জনীয়া এটা সেনাৰ দল লৈ প্ৰতিশ্ৰুতিৰ মতে চীনে ভাৰতৰ ভূখণ্ডৰ পৰা সৈন্য বাহিনী ঘূৰাই নিছে নে নাই স্বজমিন কৰিবলৈ ৰাওনা হয়।

কর্ণেল সন্তোষ বাবুৰ নেতৃত্বত যোৱা ভাৰতীয় সেনাৰ দলটোৱে ভাৰতৰ ভূখণ্ডত থকা চীনা সৈন্যৰ ছাউনী তথা টম্বুবোৰ ভাঙি দিয়াৰ লগতে অগ্নিসংযোগ কৰি দিয়ে।

গলৱান নদীৰ দক্ষিণে ভাৰতৰ ভূখণ্ডত থকা চীনা সৈন্যৰ এটা তলহদাৰী প’ষ্টো ভাঙি দিয়ে ভাৰতীয় সেনাই।

এনেতে চীনা সৈন্যৰ ২৫০ জনীয়া এটা দলে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰে।

লগতে পঢ়ক : লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

লগে লগে দুয়োপক্ষৰ মাজত গালৱান নদীৰ বুকুত আক্ৰমণ-পত্যাক্ৰমণ আৰম্ভ হয়।

এই সংঘৰ্ষত মাৰণাস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল। চীনা সৈন্যই কাঁটা তাঁৰ সংলগ্ন লাঠি আৰু পাথৰেৰে ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল।

ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় সৈন্যও চীনা সৈন্যক প্ৰত্যাক্ৰমণ কৰে।

ইফালে এই সংঘৰ্ষৰ বাবে চীনা সংবাদ মাধ্যমে ভাৰতীয় সেনাই প্ৰৰোচনামূলক আচৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু ভাৰতীয় সেনাই এই অভিযোগ খণ্ড কৰি চীন সৈন্যই প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ কৰিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সংঘাত সন্দৰ্ভত বিৰোধীক কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd