DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ড: পাঁচ মে’ত খেৰীত সমবেত হ’ব সহস্ৰাধিক কৃষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2022 7:21 pm
Lakhimpur Kheri violence
100
VIEWS
Share on FacebookShare on Twitter

আন এক কৃষক বিদ্ৰোহৰ অভিকেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ প্ৰদেশ। চলিত মাহৰ ৫ তাৰিখে ৰাজ্যখনৰ লখিমপুৰ খেৰী কঁপাবলৈ সাজু হৈছে সহস্ৰাধিক কৃষক।

যোৱা বৰ্ষৰ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰী হত্যাকাণ্ডৰ বলি হোৱা কৃষকৰ ন্যায়ৰ দাবীত কেইবা হাজাৰ কৃষক সমবেত হ’ব খেৰীত।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীত বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰত কৃষকক গাড়ীয়ে মহতীয়াই নিছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই। উক্ত ঘটনাত চাৰিজনকৈ কৃষকৰ মৃত্যু হৈছিল।

ভাৰতীয় কিষাণ ইউনিয়নে খেৰীৰ ঘটনাত নিহত হোৱা কৃষকসকলৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে। ইউনাইটেড কিষাণ মৰ্চাৰ বেনাৰত সংঘৰ এটা প্ৰতিনিধি দল ৫ মে’ত চাৰিখন ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ সৈতে লখিমপুৰ খেৰীত উপস্থিত হ’ব।

ভাৰতীয় কিষাণ ইউনিয়ন (পঞ্জাৱ)ৰ সাধাৰণ সম্পাদক হৰিন্দৰ সিং লাখোৱালে এই ঘোষণা কৰিছে। তেওঁ লগতে কয় যে প্ৰতিনিধি দলটোৱে ৫ মে’ত হত্যাকাণ্ডত নিহত কৃষক সকলৰ পৰিয়ালকো লগ কৰিব।

উল্লেখ্য যে উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰক যোৱা ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল কৃষক পৰিয়ালসমূহ।

ইয়াৰ পিছতে চলিত মাহৰ প্ৰথমাৰ্ধত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ আদেশ নাকচ কৰি আশীষ মিশ্ৰৰ জামিন বাতিল কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আশীষ মিশ্ৰই যোৱা ২৪ এপ্ৰিলত আদালতত আত্মসমৰ্পণ কৰে।

Recent News

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd