“আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

আগষ্ট মাহত পতন ঘটিব পাৰে এন ডি এ চৰকাৰৰ! এনে বিস্ফোৰক দাবী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ। কেন্দ্ৰীয় চৰকাৰ অতি দুৰ্বল বুলি দাবী কৰে আৰজেডিৰ মুৰব্বীগৰাকীয়ে। ফলত যিকোনো সময়তে ভাঙিব পাৰে। গতিকে প্ৰবীণ নেতাগৰাকীয়ে দলীয় কৰ্মীসকলক সাজু হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ কোৱা শুনা যায় “দলীয় সকলো কৰ্মকৰ্তাক মই সাজু হৈ থাকিবলৈ আহ্বান জনাইছো। কাৰণ যিকোনো সময়তে নিৰ্বাচন হ’ব পাৰে। দিল্লীৰ মোডী চৰকাৰ অতি দুৰ্বল। আগষ্টৰ ভিতৰত ভাঙি যাব পাৰে।”

শুকুৰবাৰে দলীয় কৰ্মীসকলক সম্বোধন কৰি লালু প্ৰসাদ যাদৱে সকলোকে সাজু থাকিবলৈ পৰামৰ্শ দিয়ে। একে সময়তে লোকসভা নিৰ্বাচনত দলৰ ফলাফলত সন্তুষ্টি প্ৰকাশ কৰাও দেখা গ’ল নেতাগৰাকীক।

লগতে পঢ়কঃ ১৭ দিনত ১২খন দলং! বিহাৰ চৰকাৰত জোকাৰণি; ১৫ জন চৰকাৰী অভিযন্তাক নিলম্বন, দুটা প্ৰতিষ্ঠানক শ্ব’ কজ

এইবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাত দেখা যায় যে এগজিট প’লৰ ভৱিষ্যদ্বাণীক কাৰ্যতঃ পৰাস্ত কৰি বিজেপিয়ে মাত্ৰ ২৪০খন আসনহে লাভ কৰিছে। এন ডি এয়ে ২৯৩খন আসনেৰে অন্ত পেলায়। যোৱাবাৰ বিজেপিয়ে য’ত ৩০০ৰো অধিক আসন পাইছিল, এইবাৰ তেওঁলোকে মিত্ৰ দলৰ সৈতেও ৩০০ আসন অতিক্ৰম কৰিব নোৱাৰিলে।

২০১৪ আৰু ২০১৯ চনত অকলে ‘মেজিক ফিগাৰ’ পাৰ হৈ গ’লেও এইবাৰ বহু আগতেই গেৰুৱা শিবিৰ থমকি ৰৈছে। সেয়ে চৰকাৰক বৰ্তাই ৰাখিবলৈ মোডীয়ে টিডিপি আৰু জেডিইউৰ দৰে দলৰ লগত আগবাঢ়িব লগা হৈছে।

লগতে পঢ়কঃEuro 2024: উত্তেজনাপূৰ্ণ খেলত স্পেইনৰ হাতত পৰাস্ত হৈ ইউৰোৰ পৰা বিদায় আয়োজক জাৰ্মানীৰ, ছেমিফাইনেলত স্পেইন

এনে পৰিস্থিতিত বিৰোধীয়ে কটাক্ষ কৰিছে যে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ নেতাসকলক য’ত মোদীয়ে আগতে সেই অৰ্থত গুৰুত্ব দিয়া নাছিল, এতিয়া তেওঁলোকৰ হাতত ধৰিয়েই চৰকাৰ গঠন কৰিব লগা হৈছে। এই চৰকাৰ বেছি দিন নাথাকিব বুলিও তেওঁলোকে দাবী কৰে৷ এইবাৰ লালুৱে দাবী কৰিছে যে আগষ্টৰ ভিতৰত তৃতীয়খন এন ডি এ চৰকাৰৰ পতন ঘটিব পাৰে।