• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ তৎপৰতা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2019 10:32 am
77228-nfpnquwqxy-1513958624

মুখ্য মন্ত্ৰী সোণোৱাল। ফাইল ফটো

597
VIEWS
Share on FacebookShare on Twitter

খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা চলাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ভূমিহীন তথা পট্টাহীন লোকসকলক ভূমিপট্টা দিয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰথম পৰ্যায়ত অতি কম সংখ্যক লোককহে পট্টা প্ৰদান কৰি ৰাইজৰ মাজত ভূমি পট্টা লাভৰ আশা সজীৱ কৰি তুলিব বিচৰা হৈছে।

উল্লেখযোগ্য যে ভূমিপট্টাৰ দাবীত ইতিমধ্যে কেইবাটাও সংগঠনে ৰাজ্যজুৰি আন্দোলন চলাই আহিছে যদিও পূৰ্বৰে পৰা চৰকাৰে ভূমিপট্টা প্ৰদানক ৰাজনীতিৰ বিষয় হিচাপে ব্যৱহাৰ কৰি আহিছে।

বৰ্তমান ৰাজ্যৰ বিজেপি চৰকাৰে ইতিমধ্যে ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মুষ্টিমেয় কিছুসংখ্যক লোকে পট্টা লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ চৰকাৰেও পূৰ্বতে কিছুসংখ্যক পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিছিল। ইপিনে, চৰকাৰৰ স্পষ্ট ভূমিনীতিৰ অভাৱৰ বাবে পট্টা প্ৰদানৰ বিষয়টোৱে জটিলতাৰহে সৃষ্টি কৰিছে।

ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ ভূমি পট্টা নাই। তদুপৰি, গুৱাহাটীৰ ১৯খন পাহাৰত বসবাস কৰি থকা ৬৫ হাজাৰ পৰিয়ালেও ভূমি পট্টা অবিহনে বাস কৰি আছে। পট্টাৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমে ইতিমধ্যে পট্টাৰ প্ৰদানৰ বাবে ত্ৰিছ হাজাৰ আৱেদন কৰিছে।

জানিব পৰা মতে, চৰকাৰে মহানগৰীৰ পাঁচশ পট্টাহীন পৰিয়ালক পট্টা দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। অৱশ্যে কিহৰ ভিত্তিত পট্টা প্ৰদান কৰিব সেয়া স্পষ্ট হৈ পৰা নাই।

চৰকাৰে ভূমি পট্টা দিয়াৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা বুলি জানিব পৰাৰ পাছতে একাংশ দালাল চক্ৰই পট্টাহীন লোকক পট্টা দিয়াৰ নামত ধন সংগ্ৰহৰ বাবে নামি পৰা বুলি জানিব পৰা গৈছে। এনে দালাল চক্ৰৰ পৰা সাৱধান নহ’লে পট্টাহীন লোকসকলে গাঁঠিৰ ধন অৱাবতে হেৰুৱাবলগীয়া হ’ব পাৰে বুলি মন্তব্য কৰিছে একাংশ সচেতন ব্যক্তিয়ে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd