গোলাঘাটত আৰক্ষীৰ যুটীয়া অভিযানত কাৰ্টনে কাৰ্টনে জব্দ অবৈধ সুৰা

C29MWJ5WQAA85uV-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

গোলাঘাট জিলাৰ খুমটাই মৌজাৰ অন্তৰ্গত মেলামৰা অঞ্চলত সোমবাৰে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰু খুমটাই আৰক্ষী চকীৰ সহযোগত আৰক্ষীৰ দলে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে।

উক্ত অভিযানত আৰক্ষীয়ে মেলামৰা অঞ্চলৰ ৰুবুল শইকীয়া নামৰ এগৰাকী গেলামাল ব্যৱসায়ীৰ দোকানৰ পৰা আঠটা বিলাতী সুৰাৰ কাৰ্টন, অফিচাৰ চয়ছ বেণ্ডৰ ২৬ টা বটল আৰু এখন সুৰাভৰ্তি স্কুটি জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আৰক্ষী অভিযানৰ আগতীয়াকৈ উমান পাই ব্যৱসায়ী ৰুবুল শইকীয়া পলাই যায় যদিও অতিশীঘ্ৰে পলাতক ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈয়ে মন্তব্য কৰে।

ইয়াৰ উপৰি খুমটাই দৰিয়া বাগিচাতো ভালেসংখ্যক প্ৰতিষ্ঠানত আৰক্ষীয়ে অভিযান চলাই অবৈধ বিলাতী সুৰাৰ লগতে বাগিচাখনৰ কেইবাটাও স্থানৰ পৰা চুলাই মদৰ বটল জব্দ কৰি নষ্ট কৰে। আৰক্ষী আৰু আবকাৰী বিভাগৰ এনে অভিযানক আদৰণি জনাইছে সচেতন ৰাইজে।

প্ৰাপ্ত তথ্য অনুসৰি এই অভিযানক সমৰ্থন জনাই খুমটাই,মেলামৰাৰ ৰাইজ স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহি অসম আৰক্ষী জিন্দাবাদ, কমাৰগাঁও আৰক্ষী জিন্দাবাদ ধ্বনি দি অভিযানকাৰী আৰক্ষী দলটোক উৎসাহিত কৰে।