ত্ৰিপুৰাত স্থাপন হ’ব এছিয়াৰ সৰ্ব্বোচ্চ ফোৱাৰা: নতুন বৰ্ষৰ প্ৰথম মাহতে সম্পূৰ্ণ হ’ব নিৰ্মাণ

Largest fountain in Asia

উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাত স্থাপন হ’ব এছিয়া মহাদেশৰ ভিতৰতে সৰ্ব্বোচ্চ ফোৱাৰা। ৰাজ্যখনৰ ৰাজধানী আগৰতলাস্থিত উজ্জয়ন্ত প্ৰাসাদত এই ফোৱাৰাটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে।

এছিয়াৰ ভিতৰতে সৰ্ব্বোচ্চ হিচাপে পৰিগণিত হ’বলগীয়া এই ফোৱাৰাটো নিৰ্মাণৰ কাম আগৰতলা স্মাৰ্ট চিটি লিমিটেড প্ৰকল্পৰ অধীনত কৰা হৈছে।

এই ফোৱাৰাটোৰ স্থাপনৰ কাম আগন্তুক ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ফোৱাৰাটোৰ উচ্চতা হ’ব মুঠ ১২০ মিটাৰ। এছিয়ান ডেভেলপমেণ্ট বেংকে এই প্ৰকল্পৰ বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে।

আগৰতলা স্মাৰ্ট চিটি লিমিটেড প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ শৈলেশ কুমাৰ যাদৱে কয়, “এই প্ৰকল্পত আমি এটা ফোৱাৰা স্থাপন কৰিম, ই এছিয়াৰ আটাইতকৈ ডাঙৰ ফোয়াৰা হ’ব। ফোৱাৰাটো ১২০ মিটাৰ উচ্চতাৰ হ’ব আৰু ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।’

“ফেডাৰেল চৰকাৰে প্ৰদান কৰা ২৯৪ কোটি টকাৰ ভিতৰত ৭৮ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। আগৰতলা স্মাৰ্ট চিটি লিমিটেড প্ৰকল্পৰ মুঠ বাজেট ৩৭২ কোটি টকা, ইয়াৰে ৩৪২ কোটি টকা এতিয়ালৈকে নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে।”-তেওঁ লগতে কয়।