• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহোমৰ অন্তিমগৰাকী স্বৰ্গদেউৰ পৰিনাতি ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ পৰলোক

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
August 20, 2018 10:10 am
Rajkumar-Ajit-Narayan-Singha-570x320

ৰাজকুমাৰ অজিত নাৰায়ন সিংহ।

420
VIEWS
Share on FacebookShare on Twitter

আহোম সাম্ৰাজ্যৰ অন্তিমগৰাকী স্বৰ্গদেউ পুৰন্দৰ সিংহৰ বংশধৰ এগৰাকী সুপৰিচিত লেখক ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ দেওবাৰে নিশা প্ৰায় ৮-৩০ বজাত গুৱাহাটীৰ এছ কে ভূঞা পথত থকা তেওঁৰ পুত্ৰ গৃহত পৰলোকপ্ৰাপ্তি ঘটে।

আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পৰিনাতি যোৰহাট নগৰৰ (১ নম্বৰ) তথা গড়মূৰ মৌজাৰ মৌজাদাৰ সিংহই দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ।

বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত হৈ থকা সিংহ হ’পলাইনৰ অধ্যক্ষ তথা প্ৰধান কাৰ্যবাহী আছিল। এই সংস্থাটোৱে অন্যান্য কামৰ লগতে গৃহ শ্ৰমিকসকলৰ শিশুসকলক শিক্ষা প্ৰদানত সহায় কৰিছিল।

সিংহই লগতে নিগাজী হৈ বাস কৰা তথা থাইলেণ্ডত শাসন চলোৱা তাই আহোমৰ আন এটা শাখাৰ সৈতে সম্পৰ্কিত হৈ আছিল আৰু সেই দেশখনৰ পৰা অহা এটা প্ৰতিনিধি দলে এবাৰ তেওঁক সাক্ষাতো কৰিছিল।

ইলি চিনেমা হলৰ কাষত থকা তেওঁৰ পৈতৃক ঘৰটোত বাস কৰা সিংহ দৈনিক জনমভূমি কাকতৰ এগৰাকী প্ৰসিদ্ধ স্তম্ভলেখক আছিল।

মৃত্যুৰ সময়ত সিংহই পত্নীৰ উপৰিও এজন পুত্ৰ, এজনী কন্যা, দুজনী জ্যেষ্ঠ ভগ্নী, দুজন কনিষ্ঠ ভাতৃ আৰু বহুসংখ্যক আত্মীয়ক এৰি থৈ যায়।

সোমবাৰে গুৱাহাটীত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

সিংহ আহোম ৰাজ বংশৰ তুংখুঙীয়া ফৈদৰ বংশধৰ আছিল আৰু পৰিয়ালটোৱে ব্ৰিটিছে উনবিংশ শতিকাত অসমত ৰাজহ ব্যৱস্থা আৰম্ভ কৰাৰে পৰা যোৰহাট নগৰৰ মৌজাদাৰৰ দায়িত্ব বহন কৰি আহিছে। তেওঁৰ মৃত্যুত সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd