কোভিড বিধি ভংগ কৰি নৈশ পাৰ্টি আয়োজন মেছিৰ : বিপদত পৰিব পাৰে বিশ্বশ্ৰেষ্ঠ ফুটবলাৰগৰাকী!
বিশ্বৰ অন্যতম দুধৰ্ষ ফুটবলাৰ লিয়নেল মেছি বিপদ পৰিছে। আৰ্জেণ্টিনা তথা বাৰ্চিলোনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে কোভিড বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
স্পেনিছ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰগৰাকীয়ে যোৱা সোমবাৰে ৰাতি নিজা বাসগৃহত এক পাৰ্টিৰ আয়োজন কৰিছিল।
স্পেইনত কোভিড বিধি অনুযায়ী ছজনতকৈ অধিক লোক কোনো স্থানতে উপস্থিত থাকিব নোৱাৰে। কিন্তু মেছিয়ে আয়োজন কৰা নৈশ পাৰ্টিটোত অন্য ফুটবলাৰ আৰু তেওঁলোকৰ পত্নীসহ বহু লোক উপস্থিত আছিল।
প্ৰকাশিত খবৰ অনুসৰি কোপা ডেল ৰে টুৰ্ণামেন্টৰ ভেলেন্সিয়াৰ বিৰুদ্ধে খেলা এখন মেছত জয়ী হোৱাৰ উপলক্ষ্যে মেছিয়ে যোৱা দেওবাৰে নিশা পাৰ্টিটো আয়োজন কৰিছিল আৰু সেই পাৰ্টি দেওবাৰৰ মধ্যনিশা পাৰ হৈ অতিক্ৰম কৰি সোমবাৰলৈকে হৈছিল।
আগন্তুক বৰ্ষাকালীন চিছনটোৰ বাবে দলৰ খেলুৱৈসকলক উদ্বুদ্ধ কৰাৰ মানসেৰে উক্ত পাৰ্টি আয়োজন কৰা হৈছিল বুলিও প্ৰকাশ পাইছে।
উক্ত পাৰ্টিৰ কিছুমান ফ’টো ভাইৰেল হৈছে য’ত মেচিসহ সতীৰ্থ ফুটবলাৰসকলক পত্নীসহ পাৰ্টিত ব্যস্ত থকা দেখা গৈছে। ইয়াৰ পিছতে নৈশ পাৰ্টিটোত কোভিড বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতে সমগ্ৰ বিশ্বজুৰি এই বিষয়টোৱে তোলপাৰ লগাইছে। ইতিমধ্যে মেছিৰ এই পাৰ্টি আয়োজনৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। যদি মেছিয়ে নৈশ পাৰ্টি আয়োজন কৰাতো প্ৰমাণ হয় তেনে তেওঁ শাস্তি সন্মুখীন হ’বলগীয়া হ’ব পাৰে।