• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ  লাইখুটা স্থাপন, পৱিত্ৰ মাৰ্ঘেৰিটাৰ ২০ লক্ষ টকাৰ অনুদান

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
September 10, 2023 9:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ২০২২-২৩ বৰ্ষৰ সাংসদ পুঁজি ২০ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া  ৰাজ্যখনৰ ভিতৰত এটি পুৰণি  সাংবাদিক অনুষ্ঠান তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্থায়ী ভৱনৰ লাইখুটা আজি আনুষ্ঠানিকভাৱে তিনিচুকীয়া জিলা উপায়ুক্ত স্বপ্নীল পালে শুভাৰম্ভ কৰে । 

তিনিচুকীয়াৰ বৰগুৰিত চৰকাৰী আৱন্টিত ভূমিত নিৰ্মাণ হ’বলগীয়া ভৱনটিৰ লাইখুঁটা স্থাপনৰ অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক জিতেন শৰ্মাই ।  

Apply Now

উল্লেখ্য যে – ১৯৭৫ চনৰ ৩০ নবেম্বৰত প্ৰতিষ্ঠিত এই অনুষ্ঠানটি অসম বাৰ্তাজীৱী সংঘৰ অন্তভুক্ত। কাকপথাৰ, তিনিচুকীয়া,ডিগবৈ, শদিয়া, ডুমডুমা, ছৈখোৱা,  জাগুন প্ৰেছ ক্লাৱ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থা – এই আঠটা ক্লাৱকলৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থা গঠিত । আটাইকেইটা ক্লাৱৰে সদস্যক লৈ  তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভ্য সংখ্যা এশৰো অধিক ।  

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ  লাইখুটা স্থাপন আৰু বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উৰ্তীণ সাংবাদিক সতীৰ্থৰ কীৰ্তিমান সন্তানলৈ চিৰঞ্জীলাল গোয়েল আৰু সাৰদা দেৱী গোয়েল সোঁৱৰণী বিশেষ  সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে তিনিচুকীয়া জিলা পৰিষদৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয় । 

জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক জিতেন শৰ্মা আৰু জিলা সভাপতি ড° ঋষি দাসৰ পৌৰহিত্যত  অনুষ্ঠিত সভাখনৰ আঁ‌ত ধৰে তথা উদ্দেশ্যে বাখ্যা কৰে জিলা সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে । নিজ উদ্দেশ্যে বাখ্যাত স্বৰ্ণজয়ন্তী বৰ্ষৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্থায়ী গৃহ হ’বলৈ যোৱাটো এক শুভমুহূৰ্ত আৰু আজিৰ লাইখুঁটা স্থাপনৰ দিনটোক ঐতিহাসিক দিন বুলি অভিহিত কৰে । 

ভৱনটো নিৰ্মাণৰ বাবে পুঁজি আৱন্টন দিয়া সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটালৈ সাংবাদিক সন্থাৰ হৈ নেওগে কৃতজ্ঞতা জ্ঞাপন কৰে । সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত স্বপ্নীল পালে সাংবাদিক প্ৰশাসন একত্ৰিত হৈ সমাজ গঠনত আগবাঢ়ি যাব লাগিব বুলি কয় । 

নিদিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি তিনিচুকীয়া মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত  ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰাণা চাংমাইয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাৱৰ অৰ্ধশতাধিক সদস্য তথা বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই অতিথি ৰূপে অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ ভূমিকাক প্ৰশংসা কৰে । 

সভাত তিনিচুকীয়া কলেজৰ অধ্যক্ষ সূৰ্য চুতীয়া তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অমুল্য খাটনিয়াৰ, প্ৰাক্তন উপ- সভাপতি ধীৰেন ডেক, শান্তনু গোস্বামী প্ৰাক্তন সাধাৰণ সম্পাদক সৰোজ গোঁহাই, মনোজ দত্ত বিশিষ্ট লেখক ৰঞ্জন চৌধুৰী, জ্যেষ্ঠ সাংবাদিক হুচেইন খান,  তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, অজাযুছাপৰ কেন্দ্ৰীয় সহঃ সম্পাদক সুৰজিৎ মৰাণ, জিলা সভাপতি সোনমণি চলিহা, সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা, সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, মটক যুৱ ছাত্ৰ সন্মিলনৰ কিৰণ ৰাজখোৱা, ৰেলৱেজ ইউনিয়নৰ সহঃ সম্পাদক  পুলক কুমাৰ গগৈ প্ৰাক্তন পৌৰপতি জয়ন্ত বৰুৱা  আদি বহু বিশিষ্ট ব্যক্তি বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে । 

সভাত সাংবাদিক সতীৰ্থৰ কৃতীমান সন্তান হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীণ গৰীয়সী মৰাণহাৰ্দিক গোয়েল, সাৰঙ্গ বিজয় দত্ত, স্বতিকা ফুকন, ৰোহন কুমাৰ সিং উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্তীণ মনালী দত্ত,  মদালসা ৱৈৰাগিনীমৈত্ৰেয়ী শইকীয়া,  হিমাংশু তাঁতী অন্যান্য চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ প্ৰেৰণা ভৌমিক প্ৰীতি চাহু, আকাংক্ষা গোস্বামী, তানিসা দেৱ, বাবলী তালুকদাৰ, আদিক চিৰঞ্জীলাল আৰু সাৰদা গোয়েল সোঁৱৰণী শৈক্ষিক বটাৰে সন্মানীত কৰা হয় । একাংশ কৃতিমান ছাত্ৰ-ছাত্ৰী আজিৰ সভাত উপস্থিত নথকাত পিতৃ -মাতৃৰ হাতত বটাঁসমূহ  প্ৰদান কৰা হয় ।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd