নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ ছয় জনগোষ্ঠীৰ নেতৃত্বৰ

rahul-gandhi_660_082518015613_012819074524

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী। ফাইল ফটো

অসমৰ ছয় জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, কোচ ৰাজবংশী, তাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয় সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ সৈতে ছয় জনগোষ্ঠীৰ একাংশ সংগঠনৰ এক আলোচনা সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হয়।

ৰাহুল গান্ধীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত আলোচনাত সংগঠনকেইটাৰ নেতৃত্বই জনজাতিকৰণৰ বিষয়টো সম্পৰ্কে তেওঁলোকৰ মত স্পষ্ট কৰে।

দীৰ্ঘকাল ধৰি কংগ্ৰেছ দল ৰাজ্য আৰু কেন্দ্ৰত শাসনত থকাৰ পাছতো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰা বিষয়টো সংগঠনসমূহৰ প্ৰতিনিধিসকলে আলোচনাত ৰাহুল গান্ধীক অৱগত কৰে।

তেওঁলোকে কংগ্ৰেছ দল পুনৰ শাসনলৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী জনোৱাৰ লগতে শাসনলৈ নাহিলেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমৰ্থনত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইপিনে, সংগঠনকেইটাৰ নেতৃত্বক ৰাহুল গান্ধীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তেওঁলোকক আশ্বস্ত কৰিব পৰাকৈ কেনেধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কত নেতাগৰাকীয়ে কোনোধৰণৰ মত স্পষ্ট নকৰিলে।

আজিৰ আলোচনাত কংগ্ৰেছ দলৰ হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱাট, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, অসম প্ৰদেশ কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে।

আনহাতে, সংগঠনসমূহৰ হৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, সহকাৰী সম্পাদক হেম বৰুৱা, সদৌ অসম মটক সন্মিলনৰ সম্পাদক কাজল গোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ সভাপতি ৰঞ্জিত গোহাঁই,  উপস্থিত থাকে।কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উপদেষ্টা প্ৰদীপ ৰায়, সম্পাদক গকুল বৰ্মন, কোচ ৰাজবংশী সন্মিলনৰ বিৰেশ্বৰ শইকীয়া উপস্থিত থাকে।

তদুপৰি, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ আৰু দেৱজিৎ গগৈ, দৰ্পন চিৰিং ফুকন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰঞ্জিত ঠাকুৰ আৰু সাংগঠনিক সম্পাদক যতীন বৰাইকো এই আলোচনাত উপস্থিত থাকে।