‘যিমান পাৰি সোনকালে খাৰকিভ ত্যাগ কৰক’: আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক পৰামৰ্শ ভাৰত চৰকাৰৰ

ইউক্ৰেইনৰ পৰিস্থিতি এতিয়া মুঠেও ভাল নহয়। ৰাছিয়াৰ সৈতে দেশ খনৰ শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ পিছতো ইউক্ৰেইনত ৰাছিয়াৰ সেনাৰ আক্ৰমণ কমক চাৰি বৃদ্ধিহে পাইছে।

ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিভকে ধৰি দ্বিতীয় বৃহৎ চহৰ খাৰকিভ দখল কৰিবলৈ দিনে-নিশাই যুদ্ধ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত খাৰকিভ চহৰত বাস কৰি থকা ভাৰতীয় লোকসকলৰ নিৰাপত্তাকলৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ।

খাৰকিভ চহৰত থকা ভাৰতীয় নাগৰিকসকলক সেয়ে যিমান সোনকালে সম্ভৱ চহৰ খন ত্যাগ কৰিবলৈ জৰুৰী পৰামৰ্শ আগবঢ়াইছে ভাৰত চৰকাৰে।

আজি ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা পৰামৰ্শত ভাৰতীয় নাগৰিকসকলক তাৎক্ষণিকভাৱে খাৰকিভ এৰি যাবলৈ কোৱা হৈছে। ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এনেদৰে টুইট কৰা হৈছে, “নিজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা চিন্তা কৰি, ভাৰতীয় নাগৰিকসকলে খাৰকিভ এৰি যাওঁক’। ভাৰতীয় লোকসকলক খাৰকিভৰ পৰা পেচোচিন, বোবাই আৰু বেজলিউডোভকালৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে।

খাৰকিভ ত্যাগ কৰাৰ বাবে ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক নিৰ্দিষ্ট সময়ো বান্ধি দিছে। সেই সময় হৈ ইউক্ৰেইনৰ স্থানীয় সময় মতে আজি সন্ধিয়া ৬ বজা আৰু ভাৰতীয় সময় মতে নিশা ৯-৩০ বজা। দূতাবাসৰ টুইটতো কোৱা হৈছে —”ভাৰতীয় লোকসকলে আজি ১৮০০ বজাৰ ভিতৰত (ইউক্ৰেইনৰ স্থানীয় সময় অনুসৰি) উক্ত স্থানসমূহত উপস্থিত হ’ব লাগিব”।

ইপিনে ৰাছিয়াই আজি ক্ৰুজ মিছাইল নিক্ষেপ কৰি খাৰকিভৰ এটা বৃহৎ ভৱন ধ্বংস কৰে । কালি ৰাছিয়াৰ সেনাৰ গুলীত খাৰকিভত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছিল।

ইপিনে আজি বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে আজি কয় যে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২০,০০০ ভাৰতীয়ৰ ভিতৰত এতিয়ালৈকে ৬,০০০ ভাৰতীয়ক দেশলৈ ঘূৰাই অনা হৈছে।

তেওঁলোকৰ ভিতৰত ৪০০০ হাজাৰ লোকক ২৪ ফেব্ৰুৱাৰীৰ পূৰ্বে ভাৰতলৈ অনা হৈছিল বুলি তেওঁ প্ৰকাশ কৰে।