বাওঁপন্থী দলসমূহে উমৈহতীয়া কাৰ্য্যসূচী লৈ মিত্ৰতা কৰে বাবেই চৰকাৰ বেছি দিন তিষ্ঠি থাকে : হিতেন্দ্ৰ নাথ গোস্বামী

Book Release

এ আই য়ু ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থ উন্মোচন কৰিছে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

“বাওঁপন্থী দলসমূহে নিৰ্বাচনৰ পূৰ্বেই উমৈহতীয়া কাৰ্য্যসূচী লৈ মিত্ৰতা কৰে। ফলত নিৰ্বাচনৰ পাছত সেইখন চৰকাৰে বেছি দিন তিষ্ঠি থাকিব পাৰে।”

মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাবত নাওবৈছা সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থ ‘ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁট’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভাষণ প্ৰসংগতে এই কথা ব্যক্ত কৰে।

তেওঁ লগতে কয় যে অন্য ৰাজনৈতিক দলসমূহৰ মাজত বেছিভাগৰে প্ৰাক নিৰ্বাচনী মিত্ৰতা বা উমৈহতীয়াভাৱে হাতত লোৱা কাৰ্য্যসূচী নাথাকে, গতিকে সংখ্যাগৰিষ্ঠতা লাভ কৰা দলবিলাকে তেওঁলোকৰ মতে মিত্ৰজোঁটত থকা অন্য দলসমূহক তথা চৰকাৰক পৰিচালনা কৰাৰ প্ৰৱণতা দেখা যায়। সেয়েহে তেনে চৰকাৰসমূহ বেছিদিন তিষ্ঠি নাথাকে।

অৱশ্যে, অতলবিহাৰী বাজপেয়ীয়ে প্ৰথমবাৰৰ বাবে ১৩টা দলক লৈ ৫ বছৰৰ বাবে চৰকাৰ চলাইছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় “মিত্ৰজোঁটৰ চৰকাৰ চলাবলৈ হ’লে ৰাজনৈতিক নেতাসকলৰ সহনশীলতাৰ প্ৰয়োজন, তেতিয়া মিত্ৰজোঁট সফল হয় আৰু ৰাইজো উপকৃত হয়।”

আনহাতে, ভাষণ প্ৰসংগতে তেওঁৰ নিজৰ দৃষ্টিভংগি দাঙি ধৰি উক্ত গ্ৰন্থ উন্মোচনী সভাত কয় “ৰাজ্যখনৰ যিবোৰ ডাঙৰ সমস্যা, সেইবোৰৰ ক্ষেত্ৰত আটাইকেইটা দলৰ মন্ত্ৰী-বিধায়কসকল লগ-লাগি আলোচনা কৰিব লাগে। ৰাজনৈতিকভাৱে জয় আৰু পৰাজয়ৰ কথা ভাবিয়েই এইবিলাক কথাৰ পৰা  আমি বিৰত থাকো।”

ইয়াৰোপৰি তেওঁ কয়, “দেশৰ ৰাষ্ট্ৰপতি নাইবা ৰাজ্যৰ ৰাজ্যপালে নিজৰ ভাষণ নপঢ়ে, চৰকাৰে প্ৰস্তুত কৰি দিয়া ভাষণটো পঢ়ে। কিন্তু তাৰ পাছতো ৰাজ্যপালৰ ভাষণৰ সময়তে বিৰোধী দলসমূহে বিৰোধ কৰা আৰম্ভ কৰে।”

“বিৰোধী হৈ থাকিলে বিৰোধ কৰাটো আমাৰ ধৰ্ম, শাসনত থকাসকলে ভাবে, ‘আমি যিটো ভাবিছো, বিৰোধীয়ে তেনেকৈয়ে মানি ল’ব লাগিব।‘ এই কথাবিলাকে প্ৰমাণ কৰে আমাৰ মাজত উদাৰতাৰ অভাৱ আছে।” এইদৰে ভাষণ প্ৰসংগতে উল্লেখ কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে।

তেওঁ লগতে কয়, “ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁট ক্ষমতাৰ বাবে হয় নে উমৈহতীয়াভাৱে কাৰ্য্যসূচী হাতত লোৱাৰ পিছত হয়। এইটো এটা ডাঙৰ প্ৰশ্ন।”

আনহাতে, জনপ্ৰতিনিধি হিচাপে বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ইমান ব্যস্ততাৰ মাজতো উক্ত গ্ৰন্থখন লিখি উলিওৱা বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে বিধান সভাৰ অধ্যক্ষগৰাকীয়ে।

তদুপৰি, বিশিষ্ট সাহিত্যিক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ মতে পুৱতি নিশাৰ সময়ছোৱা অধ্যয়ন তথা লেখা-মেলাৰ বাবে উত্তম সময় বুলি উক্ত গ্ৰন্থ উন্মোচনী সভাত জানিবলৈ দিয়ে। তেওঁ কয় “পুৱাৰ সময়খিনিত ভাল চিন্তাৰ উদয় হয় আৰু ভাল লেখাৰ বাবে পুৱাৰ সময়ভাগেই উত্তম।”

আনহাতে, উক্ত গ্ৰন্থখনে গৱেষণাৰ এটা বাট মুকলি কৰি দিব বুলিও হিতেন্দ্ৰ নাথ গোস্বামীয়ে আশা ব্যক্ত কৰে। তেওঁ কয়, ‘’গ্ৰন্থখনত উল্লেখ থকা অনুসৰি ১৯৩৭ চনত ১১খন প্ৰদেশৰ ভিতৰত ৩খনত মিত্ৰজোঁটৰ চৰকাৰ আছিল। কি পৰিস্থিতিত তিনিখন ৰাজ্যত মিত্ৰজোঁট হৈছিল অথবা সেই মিত্ৰজোঁটে স্থায়িত্ব লাভ কৰিব পাৰিলেনে নাই, নাইবা কিয় স্থায়িত্ব লাভ কৰিব নোৱাৰিলে সেই কথাবোৰ বিশ্লেষণ কৰিব পাৰিব লাগিব।”

ইয়াৰোপৰি তেওঁ কিতাপখনৰ কদৰৰ কথাত কয় “আমাৰ নিচিনা ৰাজনীতি কৰি থকা মানুহখিনিৰ কাৰণে এইখন অতি দৰকাৰী পুথি। কিন্তু স্বৰাজোত্তৰ কালত কি পৰিস্থিতিত পৰি মিত্ৰজোঁটৰ চৰকাৰ হৈছিল, কিমানদিনৰ স্থায়িত্ব আছিল তাৰ বিশ্লেষণ যদি ভালকৈ থাকিলহেঁতেন তেন্তে নিশ্চয়কৈ গ্ৰন্থখন পঢ়ি সাধাৰণ পাঠকসকলে ৰস পালেহেঁতেন, এতিয়া পাঠকসকলৰ মাজত কিছুমান প্ৰশ্নবোধক থাকি যাব।”

আনহাতে, গ্ৰন্থখনৰ লেখকৰ দুআষাৰত উল্লেখ থকা ‘পুথিখন নিৰস, ৰাজনীতিৰ প্ৰতি আকৰ্ষণ নথকা সকলে পঢ়ি আমেজ নাপাব আৰু এটা তথ্যৰ লগত আন এটা তথ্যৰ অমিলৰ বাবে পুথিখনত কিবা আসোঁৱাহ ৰৈ যাব পাৰে’ উক্ত কথাকেইটাৰ প্ৰসংগ দাঙি ধৰি হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়, “আপুনি সাহসেৰে এই তিনিটা কথা লিখি দিয়াৰ পৰা অনুভৱ কৰিছো ভৱিষ্যতে আপুনি এজন ভাল লেখক হ’ব পাৰিব। নিজৰ দোষ নুলুকুওৱাই সকলোখিনি প্ৰকাশ কৰিব পৰাটোৱেই ভাল লেখকৰ গুণ।”

উল্লেখ্য যে, লেখক তথা বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থখনত ওপৰোক্ত কথাকেইটা উল্লেখ কৰাৰ সাহসৰ বাবে বিধান সভাৰ অধ্যক্ষগৰাকীয়ে তেওঁক ভাষণ প্ৰসংগতে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে ৰাজনৈতিক প্ৰেক্ষাপটত গ্ৰন্থখনৰ অধিক প্ৰয়োজনীয়তা আছে বুলি কোৱাৰ উপৰিও গ্ৰন্থখন লিখি উলিওৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, নাওবৈচাৰ বিধায়কগৰাকীৰ এইখন সপ্তম গ্ৰন্থ। তেওঁৰ পূৰ্বৰ প্ৰকাশিত গ্ৰন্থসমূহ ক্ৰমে- ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ, কাশ্মীৰ সমস্যাৰ সমাধান সম্ভৱ, কংগ্ৰেছ(ই)য়ে যিবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব, অসমৰ ৰাজনীতিত ধৰ্মীয় সংখ্যালঘু : আবিৰ্ভাৱ আৰু প্ৰভাৱ, ৰাজনীতিত তাল-মিল, অসম বিধানসভাত প্ৰশ্নোত্তৰ।